মেষ : আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি৷ যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব৷ শত্রুৰ পৰা সতর্ক৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ৫৷
বৃষ : আজি স্বাস্থ্য অশান্তিৰ বাবে কর্ম ক্ষেত্রত সমস্যা আহিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব৷ প্রেমত সাৱধান৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৯৷
মিথুন : আজি বিদ্যার্থীসকলৰ বাবে শুভ৷ কর্ম ক্ষেত্রত বাহিৰলৈ যোৱাৰ সম্ভাৱনা৷ কুচিন্তাৰ কাৰণে মনত কষ্ট পাব৷ ব্যৱসায়ৰ দিশত ভাল ফল দেখা যায়৷ শুভ ৰং–বগা, শুভ সংখ্যা– ২৷
কর্কট : আজি বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলগীয়া থকা ধন ঘূৰাই পাব৷ নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ৷ আপোনাৰ প্রিয়জনে আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব৷ প্রেমত সন্দেহ৷ শুভ ৰং– মেৰুন, শুভ সংখ্যা– ৪৷
সিংহ : আজি অচিনাকি ব্যক্তিৰ সৈতে কোনোধৰণৰ কাম আৰম্ভ নকৰিব৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ সন্তানৰ স্বাস্থ্যৰ কাৰণে চিন্তা৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৬৷
কন্যা : আজি কর্ম ক্ষেত্রত পদোন্নতিৰ যোগ৷ নিবনুৱাসকলৰ কর্মসংস্থাপনৰ যোগ৷ পৰাপক্ষত পঢ়া–শুনাত গুৰুত্ব দিয়ক৷ প্রেমত আনন্দ৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৩৷
তুলা : আজি নিজৰ লক্ষ্যৰ ওপৰত নজৰ ৰাখিব৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ নতুন কোনো ব্যৱসায়ত সফল হ’ব৷ গাৰ বিষে আমনি কৰিব৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ১৷
বৃশ্চিক : আজি বন্ধু–বান্ধৱীৰ লগত কথা ক’লে মন খুলি কথা ব্যক্ত নকৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল যোগ৷ শৰীৰ অশুভ৷ চলা-ফুৰাত সতর্ক থাকিব৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ৮৷
ধনু : আজি পৰাপক্ষত টকা–পহচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা–দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৭৷
মকৰ : আজি অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব পাৰে৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ৷ প্রেমত আনন্দ৷ গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিয়া প্রয়োজন৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা ৫৷
কুম্ভ : আজি সম্পত্তিক লৈ সমস্যা হ’ব পাৰে৷ আনক সহায় কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব৷ সাংসাৰিক দিশত অশান্তি থাকিব৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ২৷
মীন : আজি চাকৰি ফালৰ পৰা বিদেশ ভ্রমণ হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে৷ আপোনাৰ ব্যৱহাৰে আপোনাক সন্মানিত কৰিব৷ প্রেমত শুভ৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা–৪৷