নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সৈনিক শিল্পীৰ প্রাসংগিকতা

জনজাতীয় সম্প্রদায় আৰু খাটিখোৱা জনতাৰ কলিজাস্বৰূপ বিষ্ণুপ্রসাদ ৰাভাৰ প্রাসংগিকতা সাম্প্রতিক সময়ৰ প্রেক্ষাপটত সর্বাধিক৷ অসমীয়া জাতীয় জীৱনৰ সর্বাত্মক নৱজাগৰণৰ প্রতীক ৰাভা আছিল এটা কালজয়ী যুগৰ ধ্বজাবাহী৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্মগ্রহণ কৰা এইগৰাকী মহান বিপ্লৱী পুৰুষৰ চিন্তা–কর্মৰ প্রাসংগিকতা আজিৰ বহুধাবিভক্ত অসমীয়া সমাজখনত বাৰুকৈয়ে অনুভূত হৈছে৷ গণশিল্পী, চিৰনমস্য হেমাংগ বিশ্বাসে কৈছে, ‘শিল্পসত্তা আৰু ব্যক্তিসত্তাৰ সমন্বয়তেই তেওঁ আছিল মহান৷ তথাপি ব্যক্তিসত্তা অর্থাৎ তেওঁৰ ব্যক্তিত্বই শিল্পসত্তাক চেৰ পেলাইছিল৷’ বহুমুখী গুণৰ সমাহাৰ বিষ্ণু ৰাভাই সংগীত, নাটক, কবিতা, চিত্রশিল্পৰ লগতে সমাজ জীৱনক স্পর্শ কৰি যোৱা বিষয়ত অবাধে বিচৰণ কৰি অমূল্য বৰঙণি আগবঢ়াই থৈ গৈছে৷ তেওঁৰ কালজয়ী গীত–কবিতাৰ লগতে ভিন্নধর্মী নিবন্ধৰ মেটমৰা অৱদানেৰে সমৃদ্ধ হৈছে অসমীয়া জাতীয় আৰু সমাজ জীৱন৷ শংকৰী সাহিত্য–সংস্কৃতিৰ চর্চা আৰু প্রসাৰতো আছিল ৰাভাদেৱৰ অসামান্য অৰিহণা৷ তৎসত্ত্বেও তেওঁ কেৱল ললিত কলাৰ মাজতেই সীমাবদ্ধ নাথাকি লাঞ্ছিত–বঞ্চিত, শোষিত–নিষ্পেষিত কৃষক–বনুৱাৰ মুক্তিৰ হকে হাতত অস্ত্র তুলি লৈছিল৷ সেয়েহে সৈনিক শিল্পীৰ অভিধা লাভ কৰিছিল তেওঁ, দর্শন আছিল এখন শ্রেণীহীন সমাজৰ বীজ ৰোপণ কৰা৷ বুর্জোৱা প্রতিক্রিয়াশীল শাসকক উচ্ছেদ কৰি নিপীড়িত জনসাধাৰণক প্রগতিশীল চিন্তাৰ বাহকৰূপে প্রতিষ্ঠা কৰাই তেওঁৰ লক্ষ্য–এই দর্শনেৰেই ৰাভাই কণ্টকাকীর্ণ বাটত ভৰি থৈছিল৷ সাংস্কৃতিক ক্ষেত্রখনত দক্ষতাৰ পৰিচয় দাঙি ধৰি তেওঁ বৈপ্লৱিক চেতনাৰ দ্যুতি বিলাইছিল৷ ১৯৬৯ চনৰ ২০ জুনত ইহলীলা সম্বৰণ কৰা এইগৰাকী মনীষীয়ে তেওঁৰ সর্বাত্মক ভাবেৰে আজিও সমাজখনক উজ্জীৱিত কৰি তুলিব পৰা পৰিৱেশ গঢ়ি থৈ গৈছে৷ কার্বি, বড়ো, ৰাভা, কোচ ৰাজবংশী, গাৰো, মিচিং আদি সকলো গোষ্ঠীকে একত্রিত কৰি অখণ্ড অসমীয়া সমাজৰূপে গঢ়ি তোলাৰ বাবে অহোপুৰুষার্থ কৰা এইগৰাকী সৈনিক শিল্পীয়ে সাম্যবাদী দর্শনৰ পোষকতা কৰিছিল৷

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দূৰদৃষ্টিসম্পন্ন মনোভাবৰ প্রতি গভীৰ শ্রদ্ধাশীল বিষ্ণুপ্রসাদ ৰাভাই নৈতিকতাৰ ভেটিত সাম্যবাদী সমাজ গঢ়াৰ দিশে তেওঁৰ সর্বোত্তম প্রতিভা নিয়োজিত কৰিছিল৷ অসমীয়া সংস্কৃতিক গণসংস্কৃতিলৈ ৰূপান্তৰিত কৰিবলৈ সর্বশক্তি উজাৰি দিয়া গণশিল্পী বিষ্ণু ৰাভাৰ সমন্বয়ৰ আদর্শই আমাক নিশ্চয় সঠিক পথ দেখুৱাব৷ তেওঁ বিশ্বাস কৰিছিল যে প্রকৃত স্বাধীনতাৰ অর্থ কেৱল ক্ষমতাৰ হস্তান্তৰ নহয়, বৰঞ্চ সমাজৰ প্রতিজন মানুহৰ অর্থনৈতিক আৰু সামাজিক মুক্তিহে৷ নিজৰ ভূমি–সম্পত্তি দৰিদ্র কৃষকৰ মাজত বিলাই দি বিৰল দৃষ্টান্ত দাঙি ধৰিছিল তেওঁ৷ সেয়েহে বিষ্ণুপ্রসাদ ৰাভাৰ আভাই সকলোকে মুহিছিল– শোষিত জনগণৰ বুকুৰ কুটুম আছিল এইগৰাকী মহান শিল্পী৷ ‘অ’ অসমীয়া ডেকা দল’, ‘ন–সমাজ’, ‘মোৰ কবিতাৰ ছন্দ লাগি’, ‘মুক্তি দেউল’ আদিত প্রতিভাত হৈছে জাতিৰ গৌৰৱগাথা, নতুন সমাজ গঢ়াৰ সপোন, সৌন্দর্য আৰু প্রেমৰ স্পন্দন, শোষিতৰ মুক্তিৰ বাবে সংগ্রাম কৰাৰ আহ্বান৷ ৰাভাৰ কবিতাত মূর্তমান সর্বহাৰা কৃষক–শ্রমিকৰ অধিকাৰ আৰু শ্রেণীহীন সমাজ গঢ়াৰ বৈপ্লৱিক চেতনা৷ ‘হেৰ’ বিপ্লৱী বিদ্রোহী বীৰ/তোল তোৰ অৱনত শিৰ/ অতদিন তই আছিলি সুষুপ্ত/পৰ পদানত/নির্যাতিত নিপীড়িত/দলিত, পতিত/আজি এই নতুন যুগত হ তই জাগ্রত৷’ এনে অগ্ণিবর্ষী ভাষাৰে ৰাভাই অলস জাতিটোক জোকাৰি দিছিল৷ মুক্তিকামী জনতাৰ সর্বাংগীণ মংগলৰ বাবে কাঁইটীয়া বাটত খোজ দিয়া ৰাভাই অৱক্ষয়ী সমাজৰ কেৰোণ আঁতৰোৱাৰ মহান স্বপ্ণ বুকুত বান্ধি কেৱল আগুৱাই গৈছিল৷ আজিৰ সমাজত ধর্ম–ভাষা–জাতিৰ নামত বিভেদৰ বীজ ৰোপণ কৰিবলৈ বিচৰা অপশক্তিক মষিমূৰ কৰিবলৈ প্রয়োজন ৰাভাৰ আদর্শ আৰু গভীৰ বীক্ষা৷ মনীষী কার্ল মার্ক্সৰ ‘Religion is the opium of the people’ মন্তব্যৰ তাৎপর্য মর্মে মর্মে উপলব্ধি কৰা আজীৱন সংগ্রামীগৰাকীয়ে কলম আৰু শিল্পকর্মৰে অসমীয়াৰ বিবেক–বুদ্ধি জাগ্রত কৰিবলৈ সর্বান্তঃকৰণে চলোৱা প্রয়াস অবিস্মৰণীয় হৈ ৰ’ব৷ ড০ হীৰেন গোহাঁয়ে তেওঁৰ ‘কেৱল মানুহৰ আছে গান’ শীর্ষক গ্রন্থত ৰাভাৰ সাংস্কৃতিক চেতনা আৰু মূল্যবোধৰ বিশ্লেষণ কৰি কৈছে– ‘ৰাভাই বৃহৎ অসমীয়া জাতি এটা গঢ়াৰ কল্পনা কৰিছিল৷’ সৈনিক শিল্পীৰ জীৱন–দর্শনত বাৰম্বাৰ অনুৰণিত হৈছে এই সত্য৷

You might also like