নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশৰ যুৱতী চাইকেল চলাই উপস্থিত হ’ল লখিমপুৰত…

ডিজিটেল ডেস্ক, লখিমপুৰ, ২১ জুন : ৰাজস্থানৰ পৰা চাইকেলেৰে আহি আজি লখিমপুৰত উপস্থিত হয় এগৰাকী সাহসী যুৱতী আশা মালব্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, পৰ্বতাৰোহী আৰু একক চাইকেল আৰোহী আশা মালব্যই নাৰী শক্তি সবলীকৰণ, দেশভক্তিৰ বাবে এককভাৱে দেশজুৰি এই চাইকেল যাত্রা কৰে।

সম্প্ৰতি ৭৮ সংখ্যক ভাৰতীয় সেনা দিৱস উপলক্ষে তেওঁ ভাৰতৰ পশ্চিম প্ৰান্তৰ পৰা পূব সীমান্তলৈকে প্ৰায় ৭৮০০ কিলোমিটাৰ দেশজোৰা চাইকেল চলোৱা অভিযান হাতত লৈছে।  তাৰেই অংশ হিচাপে তেওঁ আহি আজি লখিমপুৰত উপস্থিত হয়। তেওঁ এই যাত্রাৰ কথা সদৰী কৰি কয়- এই যাত্ৰা ২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা জয়পুৰৰ পৰা আৰম্ভ হৈছিল। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ছিকিম, অৰুণাচল হৈ মই ইয়াত আহি উপস্থিত হৈছোঁ।  এতিয়ালৈকে মই সফলতাৰে ৭৯৭০ কিলোমিটাৰ অতিক্ৰম কৰিছোঁ। অৰুণাচল প্ৰদেশৰ কিবিথুত এই অভিযানৰ সামৰণি পৰিব। এই অভিযানৰ মূল লক্ষ্য হৈছে মহিলা সবলীকৰণ, দেশপ্ৰেম আৰু অদম্য সাহস।

তেওঁক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

You might also like