নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ দলংঘাটত ৰে’লৰ খুন্দাত নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

ডিজিটেল ডেস্ক, ২১ জুন : গোৰেশ্বৰত এক মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোক জোকাৰি যায়। গোৰেশ্বৰৰ দলংঘাটত ৰে’লৰ খুন্দাত প্ৰাণহানি হয় এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ। টিউচনৰ পৰা আহি ৰে’লৱে দলঙেৰে পাৰ হৈছিল তিনিগৰাকী ছাত্ৰী। সেই সময়ত হঠাৎ আহি পোৱা ৰে’লে মহটিয়াই নিয়ে অনন্যা ডেকা নামৰ ছাত্ৰীগৰাকীক। মৃত ছাত্ৰীগৰাকীৰ ঘৰ গোৰেশ্বৰৰ গুৰমৌ গাঁ‌ৱত। আনহাতে, কথমপি প্ৰাণৰক্ষা পৰে আন দুগৰাকী ছাত্ৰীৰ ।

উল্লেখ্য যে এখন দলঙৰ অভাৱত প্ৰতিদিনে ৰে’লৱে দলঙেৰে অহা-যোৱা কৰিবলগীয়া হয় অঞ্চলটোৰ কেইবাখনো গাঁ‌ৱৰ ৰাইজে। ২০১০ চনতে হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা এখন দলং আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল । যাৰ বাবে প্ৰতিদিনে বিপদসংকুলভাৱে ৰে’লৱে দলঙেৰে পাৰ হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজে। যাৰ বাবে আজি সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা । এই ঘটনাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।

You might also like