পশ্চিমবংগত বিজেপিৰ শুভেন্দু চৰকাৰে ৰাজ্যখনত ১ লাখ খালী পদত নিযুক্তি প্ৰদানৰ ঘোষণা কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এই পদসমূহৰ ৩৩ শতাংশ সংৰক্ষণ মহিলাসকলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহিলা সবলীকৰণ আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
এই সিদ্ধান্তক দীৰ্ঘদিন ধৰি মমতা বেনাৰ্জীৰ “মহিলা কল্যাণ আৰু মহিলা সবলীকৰণ”ক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজনৈতিক নেৰেটিভক প্ৰত্যাহ্বান জনোৱাৰ এক প্ৰয়াস হিচাপে দেখা হৈছে। নতুন বিজেপি চৰকাৰে যদি ১ লাখ চৰকাৰী চাকৰিত ৩৩ শতাংশ সংৰক্ষণ মহিলাসকলক দিয়ে, তেন্তে কল্যাণমূলক সাহায্যৰ সীমা অতিক্ৰম কৰি আৰ্থিক সবলীকৰণৰ নতুন নেৰেটিভ গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছে।
পশ্চিমবংগত নতুন বিজেপি চৰকাৰে সোমবাৰে বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পূৰ্ণ বাজেট উপস্থাপন কৰে। বাজেট দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু বিত্তমন্ত্ৰী স্বপন দাসগুপ্তই পূজা-অৰ্চনা কৰে। বিশেষভাৱে, বাজেটৰ নথিপত্ৰ পৰম্পৰাগত বঙালী চটাই আৰু পাটেৰে প্ৰস্তুত কৰা ফাইলত বিধানসভালৈ অনা হয়, যাক সাংস্কৃতিক পৰিচয় আৰু স্থানীয় শিল্পকলাৰ সৈতে জড়িত পদক্ষেপ হিচাপে দেখা হৈছে।
বাজেট ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰী স্বপন দাসগুপ্তই ৰাজ্যৰ আৰ্থিক অৱস্থাৰ এক ডাঙৰ তথ্য প্ৰকাশ কৰি কয়, “ৰাজ্যখনৰ ওপৰত ৮ লাখ ৫৫ হাজাৰ কোটি টকাৰ ঋণ আছে।”
তেওঁ স্পষ্টকৈ ঘোষণা কৰে যে, “ৰাজ্যত চলি থকা সকলো সামাজিক আঁচনি অব্যাহত থাকিব।” এই ঘোষণাক চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ প্ৰতি প্ৰতিশ্ৰুতি হিচাপে দেখা হৈছে।
বিত্তমন্ত্ৰী স্বপন দাসগুপ্তই বিধানসভাত বাজেট উপস্থাপন কৰি কয়, “আমি দুৰ্নীতিমুক্ত ব্যৱস্থা গঢ়ি তুলিবলৈ বিচাৰো” আৰু নতুন চৰকাৰৰ লক্ষ্য হৈছে উন্নত আৰু ভৱিষ্যৎমুখী বংগ গঢ়ি তোলা।
বাজেটৰ অন্যতম ডাঙৰ ঘোষণা হৈছে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মহাৰ্ঘ ভাট্টা (DA) ২০ শতাংশ বৃদ্ধি কৰা। ইয়াৰ ফলত মুঠ ডিএ ৩৮ শতাংশলৈ বৃদ্ধি পাব। বিত্তমন্ত্ৰীয়ে জনায় যে এই সিদ্ধান্ত ১ এপ্ৰিল, ২০২৬ৰ পৰা কাৰ্যকৰী হ’ব।
ইয়াৰ লগতে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ কণ্ডাক্টৰসকলৰ পাৰিশ্ৰমিক বৃদ্ধি কৰাৰো ঘোষণা কৰা হৈছে। আনহাতে, অৱসৰপ্ৰাপ্ত সাংবাদিকসকলক মাহিলি ৫,০০০ টকাৰ পেন্সন প্ৰদানৰ ঘোষণাই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। এই সিদ্ধান্তসমূহৰ ফলত লক্ষাধিক কৰ্মচাৰী, পেন্সনভোগী আৰু সাংবাদিক সমাজে প্ৰত্যক্ষভাৱে লাভৱান হোৱাৰ আশা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২২ জুন