নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ ২০২৬ত মেছিৰ যাদু অব্যাহত

ফিফা বিশ্বকাপ ২০২৬ত পুনৰ উজলি উঠিল লিঅ’নেল মেছিৰ যাদু। গ্ৰুপ পৰ্যায়ৰ খেলত অষ্ট্ৰিয়াৰ বিৰুদ্ধে ২-০ গ’লৰ জয় লাভ কৰি এখন খেল বাকী থাকোঁতেই শীৰ্ষ ৩২ৰ স্থান নিশ্চিত কৰিলে আৰ্জেণ্টিনাই। দলৰ দুয়োটা গ’লেই কৰে অধিনায়ক মেছিয়ে। উল্লেখ্য, খেলখনৰ আৰম্ভণিতে এটা পেনাল্টি মিছ কৰাৰ পিছতো মেছিয়ে পুনৰ যাদু দেখুৱাই দলক জয়ৰ পথ দেখুৱায়।

এই দুটা গ’লৰ জৰিয়তে মেছিয়ে বিশ্বকাপত নিজৰ মুঠ গ’ল সংখ্যা ১৮লৈ উন্নীত কৰে আৰু জাৰ্মানীৰ মিৰ’ছ্লাভ ক্ল’জেৰ ১৭খন জয়ৰ অভিলেখ অতিক্ৰম কৰি বিশ্বকাপ ইতিহাসত সৰ্বাধিক ১৮খন জয় লাভ কৰা খেলুৱৈ হিচাপে নতুন কৃতিত্ব স্থাপন কৰে।

আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকসহ ৩-০ গ’লৰ জয়ৰ পাঁচদিন পিছতেই পুনৰ মেছিৰ যাদু দেখা যায়। টেক্সাছৰ আৰ্লিংটনৰ ডালাছ ষ্টেডিয়ামত ডেভিড আলাবাৰ নেতৃত্বাধীন অষ্ট্ৰিয়াই তেওঁক নিয়ন্ত্ৰণ কৰাৰ বহু চেষ্টা চলায়। কিন্তু ৩৮ মিনিটত এক সুন্দৰ ক্ৰছক গ’ললৈ ৰূপান্তৰিত কৰি মেছিয়ে দলক আগুৱাই দিয়ে। চলিত বিশ্বকাপত এয়া তেওঁৰ চতুৰ্থ গ’ল আছিল। দ্বিতীয়াৰ্ধত পুনৰ গ’ল কৰি দলৰ জয় নিশ্চিত কৰে তেওঁ।

খেলৰ অন্তিম পৰ্যায়ত মেছিৰ আৰু এটা প্ৰচেষ্টা গ’লত পৰিণত হোৱা নাছিল। যদি সেই সুযোগ সফল হ’লহেঁতেন, তেন্তে প্ৰথম দুয়োখন খেলতে একেৰাহে হেট্ৰিক কৰাৰ অনন্য কৃতিত্ব গঢ়িলেহেঁতেন তেওঁ।

দুয়োখন খেলতে জয়ী হোৱা আৰ্জেণ্টিনাই এতিয়ালৈকে ৫টা গ’ল কৰিছে আৰু এটাও গ’ল হজম কৰা নাই। আশ্চৰ্যজনকভাৱে, দলৰ এই পাঁচটা গ’লৰ সকলোকেইটা মেছিৰ ভৰিৰ পৰাই আহিছে। ট্ৰফী ৰক্ষাৰ অভিযানত এতিয়াও অদম্য হৈ আছে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like