আজি ২৩ জুন, আহাৰ মাহৰ ৮ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই
মেষ : আজি আয় উন্নতিৰ বাবে দিনটো শুভ৷ বাধা–বিঘিনিৰ মাজেৰেও লক্ষ্যত উপনীত হ’ব পাৰে৷ আকস্মিকভাৱে ধন প্রাপ্তিৰ যোগ ঘটিব পাৰে৷ অলপ অশান্তি তথা মানসিক চাপত ভুগিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা–৭৷
বৃষ : কর্মক্ষেত্রত সুখ্যাতি বৃদ্ধি পাব৷ ভাতৃত্বৰ মত বিনিময়ৰ ক্ষেত্রত অমিল দেখা দিব পাৰে৷ দিনটো চিন্তনীয়৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বাধা দেখা দিব৷ শিক্ষার্থীৰ বাবে উচ্চ শিক্ষাৰ যোগ দেখিবলৈ পোৱা যায়৷ শুভ ৰং–কমলা, শুভ সংখ্যা– ৪৷
মিথুন : দিনটো চিন্তনীয়৷ দৈনন্দিন কাম–কাজত কিছুমান বাধাৰ সৃষ্টি হ’ব পাৰে৷ নতুন সিদ্ধান্ত গ্রহণৰ ক্ষেএত অলপ সাৱধানতা লোৱাটো জৰুৰী৷ প্রেমত শুভ৷ আর্থিক অৱস্থাত মাধ্যম ফল৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৮৷
কর্কট : আপোনজনৰ লগত বিবাদৰ সৃষ্টি হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত দিনটো শুভ৷ আর্থিক অৱস্থাত যথেষ্ঠখিনি ডন্নতিৰ যোগ আছে৷ নতুন কোনো চিন্তাই দেখা দিব পাৰে৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা–২৷
সিংহ : ৰাহুৰ দোষৰ কাৰণে দিনটো চিন্তাজনক হ’ব পাৰে৷ নতুন শত্রু বৃদ্ধিৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক অশান্তি দেখা দিব৷ বিদ্যার্থীৰ দিনটো শুভ, কিন্তু চঞ্চলতা বৃদ্ধিৰ কাৰণে বাধাৰ সৃষ্টি হ’ব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং–বগা, শুভ সংখ্যা–৫৷
কন্যা : বুধৰ শুভ প্রভাৱত নতুন সা–সম্পত্তি লাভ হোৱা দেখা যায়৷ কর্মৰ জৰিয়তে বিদেশ ভ্রমণৰ যোগ৷ নতুন সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত অলপ চিন্তাৰ প্রয়োজন৷ প্রেমত দিনটো মধুৰতা হিচাপে থাকিব৷ শুভ ৰং–নীলা, শুভ সংখ্যা–৮৷
তুলা : আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ কিবা কাৰণত নতুন সমস্যাই দেখা দিব পাৰে৷ নতুন কর্মপ্রাপ্তিৰ যোগ আছে৷ দিনটো প্রতিকূল৷ মনত ভয়ৰ সৃষ্টি হ’ব পাৰে৷ প্রেমত চিন্তা৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা–১৷
বৃশ্চিক : যোগ্যতাৰ জৰিয়তে নতুন কর্মসংস্থাপনৰ যোগ৷ শিক্ষকসকলৰ বাবে দিনটো অলপ চিন্তনীয় হ’ব পাৰে৷ বৈবাহিক জীৱনত নতুন সমস্যাৰ সৃষ্টি৷ আর্থিক ক্ষেত্রত শুভ৷ বিদ্যার্থীৰ কাৰণে দিনৰ ভাগ মধ্যম ৰূপত পাৰ হ’ব৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ৯৷
ধনু : নিবনুৱাৰ কাৰণে নতুন কর্মক্ষেত্রৰ যোগ আছে৷ কর্মত চিন্তা দেখা দিব পাৰে৷ মূৰৰ বিষৰ লগতে শাৰীৰিকভাৱে দুর্বলতা কষ্টত ভুগিব পাৰে৷ বৈবাহিক সম্পর্কত জটিলতাৰ সৃষ্টি৷ প্রেমত মধ্যম৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ২৷
মকৰ : অন্য ব্যক্তিৰ জৰিয়তে উন্নতিৰ যোগ৷ কর্মস্থানত ব্যস্ততা বৃদ্ধি, কিন্তু লাভজনক ফলৰ আশা নাথাকিব৷ সন্তানৰ কর্ম সফলতাৰ যোগ৷ পাৰিবাৰিক পৰিস্থিতি অলপ চিন্তনীয়৷ বিদ্যার্থীৰ কাৰণে শুভ৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৩৷
কুম্ভ : পৰিকল্পিত কর্মত জটিলতা বৃদ্ধি৷ বিদ্যার্থীৰ কাৰণে দিনটো শুভ৷ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী৷ আর্থিক ক্ষেত্রত লাভৰ যোগ৷ দিনৰ ভাগত নতুন চিন্তাই দেখা দিব পাৰে৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ১৷
মীন : নতুন সুযোগৰ যোগ থাকিব৷ শত্রুৰ পৰা সতর্ক থাকিব৷ নতুন সামগ্রী কিনাৰ ক্ষেত্রত লাভদায়ক৷ জ্যেষ্ঠব্যক্তিৰ সৈতে বিবাদৰ সৃষ্টি৷ প্রেমত শুভ৷ শুভ ৰং– ছিলভাৰ, শুভ সংখ্যা–৬৷