মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী বিদ্ৰোহী গোটৰ
নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই একৰ পিছত এটাকৈ আঘাতৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক মমতা বেনাৰ্জী। এইবাৰ দলটোৰ ভিতৰত সৃষ্টি হোৱা তীব্ৰ বিদ্ৰোহৰ মাজতে এটা গোটে মমতা বেনাৰ্জীক দলৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰাৰ লগতে বিকল্প নেতৃত্বও গঠন কৰাৰ দাবী উত্থাপন কৰিছে।
পশ্চিমবংগ বিধানসভাত নতুন বিজেপি চৰকাৰৰ প্ৰথমখন বাজেট উত্থাপনৰ দিনাই এই ৰাজনৈতিক নাটকীয়তাৰ সূচনা হয়। বাজেট উপস্থাপনৰ পিছতে কলকাতাৰ নিউ টাউনৰ এখন পঞ্চতাৰকা হোটেলত বিদ্ৰোহী বিধায়ক আৰু নেতাসকলৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়।
বিৰোধী দলপতি ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত দলৰ কেইবাজনো জ্যেষ্ঠ নেতা, বৰ্তমান আৰু প্ৰাক্তন বিধায়ক, জিলা সভাপতি আৰু কাউঞ্চিলৰসহ প্ৰায় ৫০০ জন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। বিদ্ৰোহী শিবিৰৰ মতে, তেওঁলোকৰ সৈতে তৃণমূলৰ এক বৃহৎ অংশৰ বিধায়ক আৰু তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ সমৰ্থন আছে।
১৯৯৮ চনত প্ৰতিষ্ঠিত দলটোৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাৰ লক্ষ্যৰে বৈঠকত মৌখিক ভোটৰ জৰিয়তে বিধায়ক অৰূপ ৰায়ক ‘প্ৰকৃত তৃণমূল কংগ্ৰেছ’ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। ফিৰহাদ হাকিম, অৰূপ বিশ্বাস, ৰথীন ঘোষ আৰু চবিনা ইয়াছমিনক উপ-সভাপতিৰ দায়িত্ব দিয়াৰ লগতে ঋতব্ৰত বেনাৰ্জী, জাভেদ খান আৰু সন্দীপন সাহাক সাধাৰণ সম্পাদক আৰু আখৰুজ্জামান আনছাৰীক কোষাধ্যক্ষ হিচাপে মনোনীত কৰা হয়।
এই বৈঠকৰ এক উল্লেখযোগ্য দিশ আছিল যে মঞ্চত তৃণমূলৰ দলীয় প্ৰতীক থকাৰ পিছতো মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ কোনো ছবি বা পোষ্টাৰ নাছিল। বিদ্ৰোহী গোটটোৱে অভিযোগ কৰে যে দলৰ সংবিধান অনুসৰি তিনি বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি পুনৰ্গঠন কৰাৰ বাধ্যবাধকতা থাকিলেও ২০২২ চনৰ পিছত সেই প্ৰক্ৰিয়া সম্পন্ন কৰা হোৱা নাছিল। সেয়ে নতুন ৩০ জনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন কৰাৰ লগতে দলৰ আৰ্থিক লেনদেন পৰীক্ষাৰ বাবে এজন হিচাপ পৰীক্ষক নিয়োগ কৰাৰ সিদ্ধান্তও লোৱা হৈছে।
আনহাতে, বিদ্ৰোহীসকলৰ এই পদক্ষেপৰ পিছতেই মূল তৃণমূল কংগ্ৰেছৰ নেতৃত্ব সক্ৰিয় হৈ পৰে। দলৰ অনুশাসন সমিতিয়ে ঘটনাটোক তীব্ৰ গৰিহণা দিয়াৰ লগতে “ইচ্ছাকৃতভাৱে দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা”ৰ অভিযোগত ফিৰহাদ হাকিম, অৰূপ বিশ্বাস, অৰূপ ৰায়, জাভেদ খান, ৰথীন ঘোষ, বিপ্লৱ মিত্ৰ, স্নেহাশীষ চক্ৰৱৰ্তী আৰু চবিনা ইয়াছমিনকে ধৰি সকলো বিদ্ৰোহী নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
ডিজিটেল ডেস্ক, ২৩ জুন