নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ৫০০ বছৰীয়া সত্ৰীয়া পৰম্পৰাত ব্যাঘাত

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ মাজুলীৰ ঐতিহাসিক সত্ৰসমূহত প্ৰতিষ্ঠাকালৰে পৰা সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ব’হাগ বিহু উদযাপন হৈ আহিছে । ৰঙালীক আদৰিবলৈ খোল-তাল-নাগাৰা, দবা-শংখ-বৰতালৰ শব্দৰে ব’হাগত মুখৰিত হয় সত্ৰদ্বীপ মাজুলীৰ পৰিৱেশ । কিন্তু এইবাৰ নিমাওমাও মাজুলী । ঢোল-পেঁপাৰ মাতত ৰাতি পুওৱা মাজুলী এইবাৰ শান্ত । ক’ভিড-১৯ ৰ আতংকত কৃষকৰ মুখত হাঁহি নাই , নাচনীৰো মন উকা । উল্লেখ্য যে, মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি-নীতিৰে অতীতৰে পৰা ৰঙালী বিহু পালন কৰি অহা হৈছে । বিগত ৫০০ বছৰ ধৰি ঐতিহাসিক উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, ভোগপুৰ সত্ৰ, আউনীআটী, দক্ষিণপাট সত্ৰত বিহুৰ দিনা পুৱা নাম-প্ৰসংগ, গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি পৰিৱেশন কৰে বৈষ্ণৱসকলে । গুৰুসেৱা, নামসেৱা, ভকতসেৱাকে ধৰি অন্য পৰম্পৰাবোৰ আছেই । বিশেষকৈ দক্ষিণপাট সত্ৰই ৰজাঘৰীয়া নৃত্য আৰু সমূহীয়া উঠা নাম পৰিৱেশন কৰা কাৰ্যসূচী এইবাৰ বাতিল কৰিছে । ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত উদযাপন হোৱা তিনিদিনীয়া বিহু এইবাৰ নহয় বুলি সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীয়ে জানিবলৈ দিছে । চামগুৰি সত্ৰতো এইবাৰ বোকা ধেমালি উদযাপন কৰা নহয় । মাজুলী সত্ৰসমূহৰ সত্ৰাধিকাৰসকলৰ লগতে ভক-বৈষ্ণৱে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

You might also like