অৰুণাচলত ভূমিস্খলন, আকস্মিক বানৰ তাণ্ডৱ
অসমকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ অব্যাহত আছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেয়ি পানিয়ৰ জিলাৰ পুছাস্থিত NEEPCO প্ৰকল্প এলেকাত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু একাধিক ভূমিস্খলনে ব্যাপক ক্ষতি কৰিছে।
বুধবাৰেও উদ্ধাৰ আৰু সাহায্য অভিযান ব্যাহত হৈ থাকে। প্ৰশাসনে জনোৱা অনুসৰি এই বানত বৰ্তমানলৈকে তিনিজন লোক নিখোজ হোৱাৰ উপৰি ১৮টা আৱাসিক গৃহ ক্ষতিগ্ৰস্ত হৈছে।
জানিব পৰা মতে, ২৩ আৰু ২৪ জুনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ইয়াজালি চাৰ্কলৰ অন্তৰ্গত NEEPCO প্ৰকল্পৰ সমীপৱৰ্তী নিম্নাঞ্চলসমূহত আকস্মিক বানপানীৰ সৃষ্টি হয়। এই দুৰ্যোগত কমেও ১৮টা আবাসিক কোৱাৰ্টাৰ ক্ষতিগ্ৰস্ত হয় আৰু নিৰ্মাণাধীন এখন ৰিটেইনিং ৱাল (সংৰক্ষণ প্ৰাচীৰ) উটি যায়।
কেয়ি পানিয়ৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটি মেহতাই জনোৱা মতে, একাধিক স্থানত ভূমিস্খলন হোৱাত প্ৰভাৱিত এলেকাটোলৈ ইয়াজালি আৰু হোজ-পোটিন দুয়োফালৰ পৰাই যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰিছে।
পোটিন আৰু পুছাৰ মাজত আৱদ্ধ হৈ থকা এজন ভূতত্ত্ববিদক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে।প্ৰথমতে এগৰাকী মহিলাৰ নিখোজ হোৱাৰ খবৰ পোৱা গৈছিল যদিও শেহতীয়া তথ্য অনুসৰি বৰ্তমান তিনিজন লোকৰ কোনো সন্ধান পোৱা হোৱা নাই।
অৱশ্যে এতিয়াও কোনো লোকৰ মৃত্যুৰ আনুষ্ঠানিক নিশ্চিতকৰণ দিব পৰা নাই। প্ৰকল্পস্থলীৰ হেলিপেড ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পথ-যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰাত উদ্ধাৰ অভিযান গুৰুতৰভাৱে ব্যাহত হৈছে।
উপায়ুক্তকে ধৰি জ্যেষ্ঠ বিষয়াসকল এতিয়াও ঘটনাস্থলীলৈ যাব পৰা নাই। অতিৰিক্ত উপায়ুক্ত, আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF)-ৰ দলসমূহে খোজকাঢ়ি প্ৰভাৱিত এলেকালৈ যাবলৈ চেষ্টা চলাই আছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)-য়ো একাধিক স্থানত পথ বন্ধ হৈ থকাৰ বাবে ঘটনাস্থলীলৈ যাব পৰা নাই। বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন সৰু দলং দুৰ্বল হৈ পৰিছে আৰু যানবাহনৰ চলাচলৰ ফলত ই ভাঙি পৰাৰ আশংকা দেখা দিছে।
আনহাতে, সাগালীমুখী বিকল্প পথটোও কেইবাটাও স্থানত ক্ষতিগ্ৰস্ত হৈছে। ইফালে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে NEEPCO-য়ে সাময়িকভাৱে নিজৰ শক্তিকেন্দ্ৰ (পাৱাৰহাউচ) বন্ধ কৰি দিছে আৰু বান্ধৰ পৰা নিয়ন্ত্ৰিতভাৱে পানী এৰি দিছে। বতৰ অনুকূল হ’লেই পথ মেৰামতি, উদ্ধাৰ, সাহায্য আৰু পুনৰ্স্থাপন কাৰ্যত অধিক গতি অনা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।
নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ২৪ জুন