নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম এলেকাত বিদ্যুৎ যোগানৰ শুভাৰম্ভ

স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো বৈদ্যুতিক পোহৰৰ পৰা বঞ্চিত বিহালী বিধানসভা সমষ্টিৰ সীমান্তবৰ্তী একাধিক গাঁৱৰ ৰাইজে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত মুখ দেখিলে বৈদ্যুতিক পোহৰৰ।

অসম অৰুণাচল সীমান্তত কঠোৰ জীৱন সংগ্ৰাম চলাই অহা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁৱৰ খাটিখোৱা জনজাতীয় ৰাইজে আনুষ্ঠানিক বিদ্যুৎ যোগানৰ প্ৰাপ্তিৰ আনন্দতউৎফুল্লিত হৈ পৰে।

শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসৰ কৰ্মদক্ষতা আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ বলত বিহমাৰী বনগাঁৱত প্ৰাণ পাই উঠে বৈদ্যুতিক সেৱাই।

উল্লেখযোগ্য যে বিহালীৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই উক্ত দুৰ্গম অঞ্চলটোৰ বিহমাৰী বনগাঁৱত বৈদ্যুতিক সেৱাৰ স্থায়ীকৰণৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।

সমসাময়িকভাবে বিহালী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মুনীন্দ্ৰ দাসেও এইক্ষেত্ৰত গ্ৰহণ কৰা যাবতীয় তৎপৰতাৰ অন্ততঃ উক্ত পদক্ষেপে বাস্তৱ ৰূপ পায়। প্ৰথম পৰ্যায়ত সামৰি লোৱা বিহালী বনগাঁৱৰ ৩১৫ টা পৰিয়াল এই বিদ্যুৎ সেৱাৰ পৰা উপকৃত হৈছে।

বিদ্যুৎ বিভাগৰ RDSS Adll (HH) আঁচনিৰ অধীনত এপিডিচিএলৰ প্ৰথম শ্ৰেণীৰ (ক) ঠিকাদাৰ জয়ন্ত খাউণ্ডে ৰূপায়ণ কৰা উক্ত বৈদ্যুতিকীকৰণ আনুষ্ঠানিকভাৱে ভাবে শুভ উদ্বোধন কৰা হয়।

সেই উপলক্ষে বিহালী বনগাঁৱত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাস, বিদ্যুৎ বিভাগৰ তেজপুৰৰ এজিএম (প্ৰজেক্ট) অৰুণ জ্যোতি নাথ, বিশ্বনাথ চাৰিআলি ডিভিজনৰ এজিএম সাৰংগপানী শইকীয়া, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে।

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত বিহমাৰী বনগাঁৱৰ ৰাইজে বিদ্যুতৰ পোহৰ লাভ কৰাত স্বাভাৱিকতেই দুৰ্গম অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।

ইপিনে বিহালী সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসে মুখ্যমন্ত্ৰী‌ ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিহমাৰী বনগাঁৱৰ আন এক জ্বলন্ত সমস্যা বিহমাৰী নদীৰ ওপৰত প্ৰস্তাৱিত পকী দলংখন সোনকালে নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধনৰাশি বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে নিশ্চিতি প্ৰদান কৰা বুলিও সাংবাদিকক জনায়।

সাংসদ ৰণজিৎ দত্তয়ো এইবাৰ প্ৰায় ৭৫ কোটি ব্যয় সাপেক্ষে দলংখন অসম চৰকাৰে নিৰ্মাণ কৰিবই বুলি দৃঢ়তাৰে কয়। উল্লেখ্য যে এই দলংখন নোহোৱা বাবে বিহমাৰী নদীৰ ওপৰত দলং নিৰ্মাণ নকৰা বাবে অসম অৰুণাচল সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে বাৰিষা মৰণক শৰণ দি নদীৰ বুকুৱেদি বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগে।

বিশেষ বাৰ্তা, গহপুৰ, নিয়মীয়া, বাৰ্তা, বৰগাং, ২৫ জুন

You might also like