নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন

ডিজিটেল ডেস্ক, মানকাচৰ, ২৬ জুন : ড্ৰাগছৰ ভয়াৱহ কবলৰ পৰা নৱপ্ৰজন্মক বচাবলৈ আৰু সমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস পালন কৰা হয়।

এই দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত মানকাচৰত এক বিশাল সজাগতা বাইক ৰেলীৰ আয়োজন কৰা হয়। ‘নিচামুক্ত ভাৰত অভিযান, বিকশিত ভাৰত কি পেহচান’ মূলমন্ত্ৰক আগত ৰাখি আয়োজিত এই ৰেলী আজি মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হয়। ৰেলীটোৱে মানকাচৰ চহৰৰ বিভিন্ন প্ৰান্ত পৰিক্ৰমা কৰি কালোঘাট হৈ নিউ মাৰ্কেটত উপস্থিত হয়।

উক্ত ৰেলীত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে স্থানীয় সচেতন ৰাইজ আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ড্ৰাগছবিৰোধী শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।

ৰেলীৰ অন্তত এ এ লতিফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অডিটৰিয়ামত ড্ৰাগছৰ ভয়াৱহতা সন্দৰ্ভত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰ অনুষ্ঠিত হয়। সভাত উপস্থিত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া তথা বিশিষ্ট বক্তাসকলে ড্ৰাগছে কেনেকৈ সমাজৰ ভেটি দুৰ্বল কৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমাজৰ প্ৰতিজন ব্যক্তিৰ ভূমিকা কি হ’ব লাগে, সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। বক্তাসকলে যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰি থাকি ক্ৰীড়া আৰু শিক্ষাৰ জৰিয়তে নিজৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিবলৈ বিশেষ আহ্বান জনায়।

সামগ্ৰিকভাৱে আজিৰ এই কাৰ্যসূচীয়ে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়।

You might also like