দীপাংকৰ দত্তলৈ ‘মিৰ্চি এক্সিলেন্স এৱাৰ্ড ২০২৬’
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কাৰিকৰী তথা বৃত্তিমুলক শিক্ষা প্ৰতিষ্ঠান চি.ই.চি (CEC)-ৰ প্ৰতিষ্ঠাপক সভাপতি দীপাংকৰ দত্তক দক্ষতা বিকাশ আৰু ডিজিটেল শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ‘মিৰ্চি এক্সিলেন্স এৱাৰ্ড ২০২৬’ (Mirchi Excellence Award 2026) প্ৰদান কৰা হয়।
যোৱা ২৬ জুনত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকা আৰু অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা ব্যক্তিসকলৰ অনুকৰণীয় সেৱা আৰু সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি জনোৱা হয়।
উল্লেখ্য যে কম্পিউটাৰ শিক্ষাৰ জৰিয়তে যুৱ প্ৰজন্মক সৱলীকৰণ কৰাৰ লক্ষ্যৰে তেওঁ ১৯৯৪ চনত নুনমাটিত মাত্ৰ দুটা কম্পিউটাৰেৰে এটা সৰু কম্পিউটাৰ শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল। সেই সৰু আৰম্ভণিৰ পৰা ক্ৰমশঃ বৃদ্ধি পাই আহি চিইচি (CEC) আজি উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ আৰু আটাইতকৈ বিশ্বাসযোগ্য শিক্ষানুষ্ঠানৰ নেটৱৰ্কত পৰিণত হৈছে।
কম্পিউটাৰ শিক্ষা আৰু বৃত্তিমুখী প্ৰশিক্ষণৰ ক্ষেত্ৰখনত চিইচিৰ বিগত ৩২ বছৰ সম্পূৰ্ণ কৰি বৰ্তমান অসম তথা উত্তৰপুৱ অঞ্চলত চিইচিৰ ১৭৫টাতকৈও অধিক কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলক সুলভ তথা গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি আহিছে। চিইচিয়ে এতিয়ালৈকে ৬ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদান কৰিছে৷
চিইচিৰ উপৰি দত্তই নাৰেংগীৰ বিদ্যা মন্দিৰ স্কুলৰ পৰিচালনাৰ ক্ষেত্ৰত নেতৃত্ব দি আহিছে৷ ২০১৭ চনত গুৱাহাটীৰ পাথৰকোৱেৰীত দত্তই তেওঁৰ প্ৰয়াত মাতৃৰ নামত দীপালী দত্ত মেমৰিয়েল স্কুল প্ৰতিষ্ঠা কৰে৷
উল্লেখ্য যে শিক্ষাৰ জৰিয়তে নাৰী সৱলীকৰণৰ প্ৰতি গুৰুত্ব দি স্থাপন হোৱা দীপালী দত্ত মেমৰিয়েল স্কুলত ছাত্ৰীসকলৰ বাবে কোনো নামভৰ্তি মাচুল নাথাকে৷ ইয়াৰ উপৰি তেওঁ শেহতীয়াকৈ ‘ইএনএন’ (ENN – Edu News Network) নামৰ একমাত্ৰ শিক্ষা জগতৰ বাতৰিৰ বাবে উৎসৰ্গিত হোৱা এক সংবাদ মাধ্যমৰ প্লেটফৰ্ম আৰম্ভ কৰিছে আৰু তেওঁৰ পত্নী অৰুণিমা দত্তৰ সৈতে মিলি যোগাভ্যাসৰ জৰিয়তে জনসাধাৰণৰ সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ প্ৰসাৰৰ বাবে ‘দ্য যোগা ষ্টুডিঅ” (The Yoga Studio) ৰ সহ-প্ৰতিষ্ঠাপকৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে।
মাত্ৰ দুটা কম্পিউটাৰ লৈ নিজেই শিক্ষকৰূপে কেৰিয়াৰ আৰম্ভ কৰা এজন ব্যক্তিৰ পৰা হাজাৰ হাজাৰ লোকৰ জীৱন স্পৰ্শ কৰা এজন দূৰদৰ্শী শিক্ষাবিদলৈ দত্তৰ এই যাত্ৰা অধ্যৱসায়, উদ্ভাৱন আৰু সমাজসেৱাৰ এক উৎকৃষ্ট উদাহৰণ।
মিৰ্চি এক্সিলেন্স এৱাৰ্ড ২০২৬-ৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি দত্তই এই স্বীকৃতিৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু সুলভ তথা গুণগত মানদণ্ডৰ শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক সৱলীকৰণ কৰাৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
ডিজিটেল ডেস্ক, ২৭ জুন