নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ৰবীন গোস্বামীৰ বিয়োগ

ৰাজ্যৰ এজন প্ৰসিদ্ধ শিক্ষাবিদ, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক, আজীৱন ছাত্ৰসমাজৰ কল্যাণ সাধনৰ চিন্তা কৰা ৰবীন গোস্বামী (৭৯) আৰু এই মায়াময় সংসাৰত নাই। কালি নিশা তেওঁ ইহলীলা সম্বৰণ কৰে।

আজি তেওঁৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ একাধিক গুণমুগ্ধ তেওঁৰ গুৱাহাটীৰ চিৰিয়াখানা-জোনালীৰ সেন্দূৰী আলি পথৰ বাসগৃহলৈ আহি মৃতকৰ শৰীৰত পুষ্পাৰ্ঘ প্ৰদান কৰে।

ৰবীন গোস্বামীয়ে ১৯৪৭ চনৰ ১ অক্টোবৰত  দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত খটিয়ামাৰী সত্ৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে প্ৰয়াত উপেন্দ্ৰ মোহন গোস্বামী আৰু প্ৰয়াত সত্যৱতী দেৱী।

ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ, কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰবীন গোস্বামীয়ে নগাঁও ছোৱালী মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি পিছলৈ কটন বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু ২০০৬ চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

আজীৱন ছাত্ৰ নিৰ্মাণত তেওঁ জৰিত আছিল। পৰবৰ্তী সময়ত  তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কাৰ্যবাহী পৰিষদৰ সদস্য (ৰাজ্যপালৰ মনোনীত), কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কাৰ্যবাহী সদস্য (ৰাজ্যপালৰ মনোনীত), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন জ্যেষ্ঠ শৈক্ষিক উপদেষ্টা আৰু কেইবাখনো পাঠ্যপুথিৰ ভাষা-সম্পাদনাৰ স’তে জৰিত, আই আই টি, গুৱাহাটীৰ অতিথি শিক্ষক, মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, নগৰবেৰাস্থিত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, টিহু বি এড মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, ৰেডক্ৰছ চ’চাইটিৰ সদস্য, শিশুগ্ৰামৰ সদস্য আছিল।

উত্তৰ-পূব ভাৰতৰ ভিতৰতে কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে এক আধুনিক ভাষা গৱেষণাগাৰ স্থাপন কৰাৰ ক্ষেত্ৰত ৰবীন গোস্বামীয়ে অন্যতম ভূমিকা লৈছিল। শিক্ষাৰ্থীসকলৰ ভাষাৰ উচ্চাৰণ, শুদ্ধ লিখন আৰু ব্যাকৰণগত দিশসমূহ উন্নত কৰাই আছিল ইয়াৰ প্ৰধান উদ্দেশ্য।

গোস্বামী কেৱল শ্ৰেণীকোঠাতে আবদ্ধ নাথাকি ভিন ভিন বৌদ্ধিক অনুষ্ঠানৰ স’তে সংপৃক্ত আছিল। অসমৰ সমাজ-সংস্কৃতি আৰু ঐতিহাসিক ঐতিহ্য ৰক্ষা হেতু তেওঁ অৰ্হনিশে মনোনিবেশ কৰিছিল।

আজি শিক্ষাজগতৰ মনীষীগৰাকীৰ নৱগ্ৰহ শ্মশানত দাহন কাৰ্যস্থলিত বিধায়ক জিতু গোস্বামী, অসমৰ প্ৰাক্তন মুখ্য সচিব পৱন বৰঠাকুৰ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ইন্দ্ৰ ভট্টাচাৰ্য,  ড০ শান্তনু শৰ্মা, ড০ ৰাতুল ৰাজখোৱা, ড০ ৰাহুল মহন্ত, জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ আলটাফুৰ ৰহমান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ মৃগেন্দ্ৰ মোহন গোস্বামী, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা ‘কামৰূপ মহানগৰ বাৰ্তা’ৰ সম্পাদক দীপক শৰ্মা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন প্ৰবন্ধক প্ৰদীপ তালুকদাৰ, নিউ আৰ্টচ প্লেয়াৰৰ সম্পাদক ৰবীন ভট্টাচাৰ্য, ডা: ৰমেন কলিতা, আড্ডাৰ ঘৰ পঞ্চৱতী, চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ইন্দ্ৰজিৎ দত্ত- সম্পাদক দুলাল শইকীয়া, নাটশালা (গুৱাহাটী), পৰাগজ্যোতি প্ৰকাশন আদি বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।

মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ নতুন দিল্লীস্থিত ইন্সটিটিউট অৱ হিউমেন ছেটেলমেণ্টৰ ডীন অম্লান গোস্বামী, বোৱাৰী আৰু নাতিনীজনিক ইহ-সংসাৰত এৰি যায়।

ডিজিটেল ডেস্ক, ২৭ জুন

You might also like