- যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা।
- যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।
- ৰেলৰ খুন্দাত থিতাতে নিহত দুজন শ্ৰমিক, গুৰুতৰভাৱে আহত দুজন
- নিহত শ্ৰমিক দুজন ক্ৰমে ৰেজাউল হক আৰু চহৰ আলী।
- দুয়োৰে ঘৰত যোগীঘোপাৰ কৰেয়া পাহাৰ গাঁৱত।
- আনফালে গুৰুতৰভাৱে আহত দুজন ক্ৰমে জাকিৰ হুছেইন আৰু ইয়াৰ আলম।
- দুয়োকে ততাতৈয়াকৈ গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ।
- উল্লেখ্য যে উক্ত লোককেইজন নৰনাৰায়ণ সেতুৰ ৰেল বিভাগৰ নিৰ্মাণ কাৰ্যত অস্থায়ী শ্ৰমিক হিচাপে কাম কৰি আছিল।
- নৰনাৰায়ণ সেতুত ৰে’লৱে ট্ৰেকত খোজকাঢ়ি গৈ আছিল একেলগে চাৰি শ্ৰমিক।
- উক্ত সময়তে একেলগে দুখনকৈ ৰে’ল আহিছিল ।
- তীব্ৰবেগী উজনিমুৱা মালবাহী ৰে’ল এখনে খুন্দা মাৰে চাৰি শ্ৰমিকক।
- ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই শ্ৰমিকৰ, আহত হয় দুই শ্ৰমিক।
ডিজিটেল ডেস্ক, ২৯ জুন