আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আচম্বিত অৱসৰ বেন ষ্টোকছৰ
ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ তথা অধিনায়ক বেন ষ্টোকছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত অন্তিম টেষ্টখনেই হ’ব তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ শেষ মেচ।
৩৫ বছৰীয়া ষ্টোকছে কয় যে এই সিদ্ধান্ত তেওঁৰ বাবে “সৰ্বোত্তম” আৰু ইয়াৰ ফলত তেওঁ পুনৰ ক্ৰিকেটক উপভোগ কৰিব পাৰিব।
“এই সিদ্ধান্ত হয়তো স্বাৰ্থপৰ যেন লাগিব পাৰে, কিন্তু এই মুহূৰ্তত মোৰ বাবে এইটোৱেই আটাইতকৈ ভাল সিদ্ধান্ত। আশা কৰোঁ, ই দলটোৰ বাবেও উপকাৰী হ’ব আৰু মই পুনৰ এই খেলখনক ভাল পাব পাৰিম,” — ষ্টোকছৰ মন্তব্য।
অৱসৰৰ সৈতে সমাপ্ত হ’ব ষ্টোকছৰ ১৫ বছৰীয়া বৰ্ণাঢ্য আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ। তেওঁ ইংলেণ্ডৰ হৈ ১২২খন টেষ্ট, ১১৪খন এদিনীয়া আৰু ৪৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছে।
ষ্টোকছে স্পষ্ট কৰি দিয়ে যে শেহতীয়া নাইটক্লাব বিতৰ্কই অৱসৰৰ একমাত্ৰ কাৰণ নহয়। তেওঁ জনায় যে ২০২৫-২৬ৰ এছেছ শৃংখলাৰ পিছৰে পৰা অৱসৰৰ কথা চিন্তা কৰি আহিছিল।
লৰ্ডছ টেষ্টত তেওঁ মানসিকভাৱে অত্যন্ত ক্লান্ত অনুভৱ কৰিছিল আৰু দীৰ্ঘদিনৰ আঘাত, শাৰীৰিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে নিজৰ শক্তি শেষ হৈ অহা যেন অনুভৱ কৰিছিল।
তেওঁ কয়, “৩৫ বছৰ বয়সত এই পৰ্যায়ত খেলি থাকিবলৈ শাৰীৰিকভাৱে বহুত কষ্ট কৰিবলগীয়া হয়। মানসিক আৰু শাৰীৰিক দুয়ো দিশতেই এই জীৱনটো বৰ কঠিন।”
কেৰিয়াৰৰ শেষৰ ফালে ষ্টোকছে একাধিক গুৰুতৰ আঘাতৰ সৈতে যুঁজ দিবলগীয়া হৈছিল। সেই অনুসৰি ২০২৩-২৪ত আঁঠুৰ আঘাত, ২০২৪ত দুবাৰ হেমষ্ট্ৰিং আঘাত, ২০২৫ত কান্ধৰ সমস্যা, এছেছৰ পিছত এডাক্টৰ ইনজুৰি আৰু ডাৰহাম একাডেমীত প্ৰশিক্ষণ দিয়াৰ সময়ত বলৰ আঘাতত মুখৰ হাড় ভঙা আদি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল বেন ষ্টোকছ। ইয়াৰ উপৰি ২০২১ চনত তেওঁ মানসিক স্বাস্থ্যৰ যত্ন ল’বলৈ ক্ৰিকেটৰ পৰা সাময়িক বিৰতি লৈছিল।
ষ্টোকছে অৱশ্যে জনাইছে যে তেওঁ ক্ৰিকেট সম্পূৰ্ণ এৰি নিদিয়ে। কাউণ্টি দল ডাৰহামৰ হৈ খেলি যাব। তেওঁ কয় যে ডাৰহামলৈ উভতি খেলাৰ মাজতে ক্ৰিকেটৰ প্ৰতি নতুন উৎসাহ অনুভৱ কৰিছিল আৰু এতিয়া জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ উৎসুক।
বেন ষ্টোকছ ইংলেণ্ড ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে পৰিগণিত। তেওঁৰ উল্লেখযোগ্য সাফল্যসমূহ— ২০১৫ এছেছ বিজয়ী দলৰ সদস্য, ২০১৯ এদিনীয়া বিশ্বকাপ বিজয়ী, ২০২২ টি-২০ বিশ্বকাপ বিজয়ী, ইংলেণ্ডৰ অধিনায়ক হিচাপে দায়িত্ব পালন আৰু ২০১৯ হেডিংলীত এছেছত খেলা ঐতিহাসিক ইনিংছ।
ষ্টোকছে কয়, “মই এছেছ জিকিছোঁ, এদিনীয়া বিশ্বকাপ আৰু টি-২০ বিশ্বকাপ জিকিছোঁ। ইংলেণ্ডক নেতৃত্ব দিয়াৰ সৌভাগ্যও পাইছোঁ। মোৰ কেৰিয়াৰক লৈ অভিযোগ কৰাৰ বিশেষ একো নাই।”
ডিজিটেল ডেস্ক, ২৯ জুন