নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত স্কুলীয়া ছাত্ৰী অপহৰণৰ ব্লুপ্ৰিণ্ট! বহিঃৰাজ্যত বিক্ৰী

নাৰী সৰবৰাহকাৰী চক্ৰৰ হাবত পৰিণত হৈছে হাজোৰ টাঙোনমাৰী। টাঙোনমাৰীৰ পৰাই এতিয়া হাজাৰ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰী হৈছে কিশোৰী কিম্বা যুৱতী। হাজোৰ টাঙোনমাৰীৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

২৩ জুন তাৰিখে বিদ্যালয়লৈ আহি থকা অৱস্থাত বাইকেৰে অহা এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল ক্ষেত্ৰীহাৰদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী এগৰাকী। বিদ্যালয়খনৰ সন্মুখৰ পৰাই দুজনীয়া অপহৰণকাৰীৰ দলটোৱে উঠাই লৈ গৈছিল নাবালিকা ছোৱালীগৰাকীক।

ছাত্ৰীগৰাকীৰ পিতৃক এই খবৰ ফোনযোগে জনাইছিল বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। পিতৃয়ে বহু বিচাৰ খোঁচাৰ কৰিও কন্যাৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে যদিও সম্ভেদ উলিয়াবলৈ সক্ষম হ’ল দুই অপহৰণকাৰীৰ।

টাঙোনমাৰীৰ লালচান্দ আলী আৰু মহম্মদ আলাউদ্দিন নামৰ দুই দুৰ্বৃত্তই সংঘটিত কৰিছে এই অপহৰণকাণ্ড। খবৰ কৰা হ’ল ৰামদিয়া আৰক্ষীক। দুই অপহৰণকাৰীৰ সন্ধানত ৰামদিয়া আৰক্ষীয়ে চলালে অভিযান। যদিও কোনো সম্ভেদ উলিয়াব নোৱাৰিলে ছাত্ৰীগৰাকী আৰু অপহৰণকাৰী দলটোৰ।

ইফালে এই ঘটনাৰ পিছতে অপহৰকাৰী লালচান্দ আলী মাতৃৰ কথোপকথনৰ এটা ভিডিঅ’ই কঁপনি তুলিছে ছাত্ৰীগৰাকীৰ পৰিয়ালত। নাবালিকা ছাত্ৰীগৰাকীক অন্য লোকৰ হাতত বিক্ৰী কৰাৰ পৰিকল্পনাৰ কথা স্পষ্টৰূপে প্ৰকাশ পাইছে অপহৰণকাৰী লালচান্দ আলীৰ মাতৃৰ মুখেৰে।

৭০ হাজাৰ টকাৰ বিনিময়ত নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত ছাত্ৰীগৰাকীক বিক্ৰী কৰাৰ পৰিকল্পনা লালচান্দ আলীৰ মাতৃৰ। এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে এতিয়া ছোৱালীগৰাকীৰ পিতৃ মনচেৰ আলীয়ে পুনৰ কাষ চাপিছে ৰামদিয়া আৰক্ষীৰ।

ৰামদিয়া আৰক্ষীয়েও ছাত্ৰীগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সচাঁকৈয়ে নাৰী সৰাহবৰাহকাৰী চক্ৰৰ হাবত পৰিণত হৈছে নেকি হাজোৰ টাঙোনমাৰী!!টাঙোনমাৰী অঞ্চলতেই ৰচনা হয় নেকি স্কুলীয়া ছাত্ৰীৰ অপহৰণ কাণ্ডৰ ব্লুপ্ৰিন্ট !!

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এই মানৱ সৰবৰাহকাৰী নেক্সাসত আৰু কোন কোন জড়িত হৈ আছে।

ডিজিটেল ডেস্ক, ২৯ জুন

You might also like