ডিজিটেল ডেস্ক, সোণাৰি, ২৯ জুন : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন গাৰ্গ ফেন ক্লাব, চেপন, স্বেচ্ছাসেৱী অনুষ্ঠান আমি আৰু গ্রীন ৱইছ’ৰ উমৈহতীয়া উদ্যোগত এক লাখ নাহৰ পুলি ৰোপণৰ উদ্দেশ্যে গ্রহণ কৰা কাৰ্যসূচী হৈছে ‘প্রজেক্ট নাহৰ’।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত দেওবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পাটসাঁকোৰ পৰা পিঠাগুটি সংযোগী অসম মালা পথৰ সাগৰবেৰাত নাহৰ পুলি ৰোপণৰ আৰম্ভণি কৰা হয়। কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, সমাজকর্মী মৃদুল ফুকন, কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশকে প্রমুখ্য কৰি কেইবাজনো বিভাগীয় বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ আগবঢ়াই গৰিমা শইকীয়া গার্গে ‘প্রজেক্ট নাহৰ’ৰ জৰিয়তে মাহমৰা সমষ্টিবাসী ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে জুবিনে নাহৰক খুব আদৰ-যত্ন কৰিছিল বুলি মন্তব্য কৰে। গতিকে সমগ্র পথছোৱাত ৰোপণ কৰিবলৈ লোৱা নাহৰ পুলিৰ এটাও যাতে নষ্ট নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সকলোৰে প্রতি আহ্বান জনায়।