গোগামুখ ৰাজহ চক্ৰৰ ১৫খনতকৈ অধিক গাঁও বানৰ কবলত
জীয়াঢল, কুমটীয়া আৰু ন-নদীৰ বাঢ়নী পানী ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যদিও বানপীড়িত ৰাইজৰ দুৰ্দশা এতিয়াও শেষ হোৱা নাই। বহু অঞ্চলত ঘৰ, বাৰী, চোতাল আৰু পথ-ঘাট এতিয়াও পানীৰ তলতে থকাত স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে।
গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১৫খনতকৈ অধিক গাঁও বৰ্তমানো জলমগ্ন হৈ আছে। বানপীড়িত সহস্ৰাধিক পৰিয়ালে খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে। একে সময়তে পশুধনৰ খাদ্যৰ অভাৱেও কৃষকসকলক বিপাঙত পেলাইছে।
বানৰ ফলত চুতীয়াকাৰী, ৰতোৱা, লেজুৱা, বাদলুকা, কমাচলা, টেঙাগড়া, ফুলবাৰী, বৰদৈবাম গৰৈমাৰী, বৰদৈবাম বেতনিহোলা আদি বহু গাঁৱৰ অসংখ্য বাসগৃহ সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল।
ইফালে, বানপীড়িতসকলৰ অভিযোগ যে স্থানীয় বিধায়ক, সংশ্লিষ্ট মন্ত্ৰী আৰু সাংসদে এতিয়ালৈকে অঞ্চলটো পৰিদৰ্শন কৰি খবৰ লোৱা নাই। ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আনহাতে, বান সাহায্য প্ৰদানৰ ক্ষেত্ৰতো প্ৰশাসনৰ ভূমিকা লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বানাক্ৰান্তসকলে। অভিযোগ অনুসৰি, বহু পৰিয়ালে এতিয়াও কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই, যাৰ ফলত দৈনন্দিন জীৱন অধিক দুৰ্বিষহ হৈ পৰিছে।
ডিজিটেল ডেস্ক, ২৯ জুন