নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিজিটেল ডেস্ক, ২৯ জুন : সম্প্ৰতি ধেমাজি জিলাত বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ধেমাজি জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে (২৯ জুন) অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

এই সম্পৰ্কে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিবলৈ দিয়ে যে তেওঁ গৃহমন্ত্ৰীগৰাকীক ধেমাজিত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-

‘ধেমাজিৰ বানৰ পৰিপ্রেক্ষিতত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। তেখেতক বিতংভাৱে চলিত উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয়। এই সংকটময় সময়ত তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰিছে।
বানপীড়িত প্ৰতিজন লোকৰ সুৰক্ষা, সহায় আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে আমি সকলোৱে মিলিত প্রচেষ্টাৰে মোকাবিলা কৰিম।’

‘ধেমাজিত বৰ্তমানৰ বান পৰিস্থিতিৰ বিষয়ে ফোনযোগে খবৰ লোৱা আৰু আলোচনা কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহজীক আন্তৰিক ধন্যবাদ জনাইছোঁ। এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে।’

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে, য’ত চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৯খন গাঁৱৰ লোক প্ৰভাৱিত হৈছে।

You might also like