বায়ু প্ৰদূষণ হ্ৰাস আৰু বৈদ্যুতিক বাহন (EV)ৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে দিল্লী চৰকাৰে EV পলিচী-২০২৬ অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জনোৱা মতে, দিল্লী কেবিনেটে নতুন নীতিখন অনুমোদন কৰিছে আৰু ১ জুলাই, ২০২৬ৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব।
নতুন নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণা হৈছে BS-IV গাড়ীৰ ক্ষেত্ৰত। কোনোবাই যদি নিজৰ BS-IV গাড়ী স্ক্ৰেপ কৰি তাৰ সলনি নতুন বৈদ্যুতিক গাড়ী ক্ৰয় কৰে, তেন্তে চৰকাৰে ১ লাখ টকালৈকে স্ক্ৰেপিং ইনচেনটিভ প্ৰদান কৰিব।
চৰকাৰৰ মতে, ইয়াৰ ফলত অধিক প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহন পথৰ পৰা আঁতৰি যাব আৰু তাৰ ঠাইত পৰিৱেশবান্ধৱ EV-ৰ সংখ্যা বৃদ্ধি পাব।
নতুন ইভি নীতি অনুসৰি, বৈদ্যুতিক বাহনৰ ওপৰত ১০০ শতাংশ ৰোড টেক্স আৰু পঞ্জীয়ন মাচুল মাফ কৰা হ’ব। ফলত নতুন EV ক্ৰয় কৰা লোকসকলে ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেচনৰ বাবে কোনো ধৰণৰ অতিৰিক্ত ব্যয় বহন কৰিব নালাগিব।
১ জানুৱাৰী, ২০২৭ৰ পৰা দিল্লীত কেৱল ই-অ’টোৰ নতুন পঞ্জীয়ন কৰা হ’ব। এই তাৰিখৰ পিছত নতুন CNG বা পেট্ৰ’ল চালিত অ’টোৰ পঞ্জীয়ন বন্ধ কৰি দিয়া হ’ব।
ইয়াৰ উপৰি ১ এপ্ৰিল, ২০২৮ৰ পৰা দিল্লীত পেট্ৰ’লচালিত নতুন দু-চকীয়া বাহনৰ পঞ্জীয়ন বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। অৱশ্যে ইতিমধ্যে পঞ্জীয়ন হোৱা বাহনসমূহ পূৰ্বৰ নিয়ম অনুসৰি চলি থাকিব।
চৰকাৰে জনোৱা মতে, এই নীতি কেৱল EV ক্ৰয়ক উৎসাহিত কৰাই নহয়, বৰঞ্চ সমগ্ৰ EV পৰিৱেশ ব্যৱস্থা (EV Ecosystem) শক্তিশালী কৰাৰ লক্ষ্যও গ্ৰহণ কৰিছে। ইয়াৰ অধীনত চাৰ্জিং ষ্টেচনৰ সংখ্যা বৃদ্ধি, বেটাৰী অৱকাঠামো উন্নয়ন, ব্যক্তিগত আৰু ৰাজহুৱা চাৰ্জিং সুবিধাৰ সম্প্ৰসাৰণ আৰু বৈদ্যুতিক যাতায়াত অধিক সহজ কৰি তোলা আদি পদক্ষেপ গ্ৰহণ কৰা হ’ব।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জানিবলৈ দিয়ে যে নতুন EV নীতিৰ ফলত অহা চাৰি বছৰত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে।
এই বিনিয়োগ চাৰ্জিং নেটৱৰ্ক, উৎপাদন, চাৰ্ভিচ চেণ্টাৰ, বেটাৰী প্ৰযুক্তি আদি খণ্ডত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত দিল্লীত EV উদ্যোগৰ বিকাশৰ লগতে হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰে।
ডিজিটেল ডেস্ক, ২৯ জুন