- কৰ্তব্যলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
- গুৰুতৰভাৱে আহত আনোৱাৰ হুছেইন নামৰ আৰক্ষী উপপৰিদৰ্শক এজন।
- বৰমাৰ পৰা মুছলপুৰ বাক্সা জিলা সত্ৰ ন্যায়াললৈ গৈ আছিল আৰক্ষী বিষয়াজন।
- AS-14-J-9180 নম্বৰৰ পালচাৰ বাইকেৰে নিজ কৰ্তব্যলৈ গৈ থকা অৱস্থাত বৰমাৰ জখৈকণাত সংঘটিত হয় দুৰ্ঘটনাটো।
- বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনে আৰক্ষী বিষয়াগৰাকীক খুন্দিয়াই পলায়ন কৰে।
- ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত আৰক্ষী বিষয়াগৰাকীক নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰন কৰে।
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া আনোৱাৰ হুছেইন।
- দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধান অব্যাহত ৰাখিছে বৰমা আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ২৯ জুন