নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী কলেজৰ অধ‍্যক্ষ ড০ দেৱজিৎ শইকীয়াৰ গ্ৰন্থ ‘প্ৰবন্ধ-প্ৰস্ৰৱণ’ উন্মোচন

মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ, বিশিষ্ট লেখক, কবি ড° দেৱজিৎ শইকীয়াৰ নিৰ্বাচিত লেখাৰ সংকলন ‘প্ৰবন্ধ-প্ৰস্ৰৱণ’ আজি মহাবিদ্যালয়ৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত শুভ উন্মোচন কৰা হয়।

ছখন কাব‍্যগ্ৰন্থ, কেইবাখনো মৌলিক পুথিৰ উপৰি ভালেসংখ‍্যক সম্পাদিত পুথিৰে সাহিত‍্য জগতলৈ বৰঙণি আগঢ়োৱা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ এই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে।

মাজুলী মহাবিদ‍্যালয় কৰ্মচাৰী গোটৰ উদ‍্যোগত এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই। কৰ্মচাৰী গোটৰ সভাপতি দেৱজিৎ বৰুৱাই আঁত ধৰা সভাখনিৰ আৰম্ভণিতে পৰী বৰা ৰাজখোৱাৰ দ্বাৰা পৰিৱেশিত দীপবন্দনাৰ সমান্তৰালভাৱে মংগল‍-বন্তি প্ৰজ্বলন কৰে নতুন কমলাবাৰী সত্ৰৰ অধিকাৰ সত‍্যজিত মহন্তই।

গড়মূৰীয় সত্ৰাধিকাৰ পৰমানন্দদেৱ গোস্বামীয়ে সভাখনি উদ্বোধন কৰি দিয়া ভাষণত কয় যে গ্ৰন্থই মানুহক ধ্বংস কৰিব পাৰে যেনেকৈ, সভ‍্যতা-সংস্কৃতিৰ বিকাশ সাধনত নতুন দিশ উন্মোচন কৰি জাতি এটা তুলি ধৰিবও পাৰে তেনেকৈ।

যোৰহাটৰ গ্ৰন্থ-সংস্কৃতিৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি আগবঢ়োৱা বক্তব্যত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে কয়, “গ্ৰন্থ হৈছে কোনো এক সময়ৰ, এটা যুগৰ প্ৰতিনিধি। সেয়েহে গ্ৰন্থক সম্পদ বুলি কোৱা হয়। যিসকলে এই গ্ৰন্থ-সম্পদ বঢ়োৱাত মনোনিৱেশ কৰে সেইসকল সমাজৰ বাবে প্ৰকৃততেই শ্ৰদ্ধেয়।”

সত্ৰাধিকাৰগৰাকীয়ে লগতে অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই মহাবিদ‍্যালয়ৰ অধ‍্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ সমান্তৰালভাৱে সমাজ আৰু সাহিত‍্যৰ উৎকৰ্ষ সাধনৰ দিশত যিদৰে অৱদান যোগাইছে, তাৰবাবে তেওঁক কৃতজ্ঞতা জনায়।

সভাত মুখ‍্য বক্তা হিচাপে উপস্থিত থাকি জেংৰাইমুখ মহাবিদ‍্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা বিশিষ্ট লেখক সুৰেন্দ্ৰ নাথ মুদৈয়ে ডঃ দেৱজিৎ শইকীয়াৰ সাহিত‍্যত লোকমনৰ প্ৰকাশ তথা গ্ৰাম‍্যজীৱনৰ প্ৰতিফলন কেনেকৈ হৈছে সেই সম্পৰ্কে সাৱলীল বক্তব‍্য আগবঢ়োৱাৰ উপৰি বৰ্তমান সময়ত হেৰাই যাবলৈ উপক্ৰম হোৱা থলুৱা শব্দৰ উচিত প্ৰয়োগেৰে ডঃ শইকীয়াই কেনেকৈ নিৰলসভাৱে সাহিত‍্য-সাধনা ব্ৰতী হৈ আছে তাৰ এক পৰিচয় দাঙি ধৰে।

সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সত্ৰাধিকাৰ সত‍্যজিত মহন্ত, শিক্ষাবিদ উমাকান্ত ৰাজখোৱা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, ডঃ আনন্দ হাজৰিকা, ‍অমৃতেশ্বৰ চুতীয়া, ৰঞ্জিৎ কুমাৰ ভূঞা, ঘনকান্ত নাথ, বলোৰাম কলিতা, অৱসপ্ৰাপ্ত আৰক্ষী উপ-অধীক্ষক নৱ কুমাৰ বৰা আৰু ধেমাজি মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক কুমুদ বৰাই বক্তব‍্য আগবঢ়ায়।

সভাত বিশিষ্ট ব্যক্তি হিতেশ্বৰ বৰা, যোগেন দত্ত বায়ন, ডিম্বেশ্বৰ বায়ন, ভোলা বৰা, ইন্দ্ৰেশ্বৰ ৰাজখোৱা, কৰুণা বৰা, জিতেন্দ্ৰ নাথ ডেকা, ডিম্বেশ্বৰ দত্ত, জগত দুৱৰীয়া, অৰুণ কুমাৰ পাঠক, লোহিত বৰা, যুগল হাজৰিকা, ৰঞ্জিত সেন, দেৱেন শইকীয়া, থানেশ্বৰ শইকীয়া, দিলীপ শইকীয়া, ৰবীন চন্দ্ৰ শইকীয়া, ইন্দিৰাম নাথ, লোহিত বৰা, ভৰত শইকীয়া, উপেন শইকীয়া, ডিম্বেশ্বৰ শইকীয়া, ডিম্বেশ্বৰ ভূঞা, ভৰত দত্ত, প্ৰিয়ংকা হাজৰিকা, পম্পী হাজৰিকা, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ‍্যালয়ৰ অধ‍্যাপিকা ইন্দুৰাণী শইকীয়া, মাজুলী মহাবিদ‍্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ‍্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, উপ-সভাপতি ডঃ ৰূপজ্যোতি বৰা, নাৰী সৱলীকৰণ কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, অধ‍্যাপক সুৰেন চন্দ্ৰ দাস, অপূৰ্বজ‍্যোতি হাজৰিকা, দেৱজ্যোতি খাটনিয়াৰ, ডঃ দুলাল হাজৰিকা, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ‍্যোতি বৰা, নৱ দাস, প্ৰদীপ চন্দ্ৰ দাস, কাৰ্তিক নাথ, দীনেশ পেগু, আচাৰ্য মোহন দাস, ডঃ অৰূপ বুঢ়াগোহাঁই, উৎপল বৰুৱা, গোবিন বৰুৱা, পদ্মধৰ বৰুৱা প্ৰমুখ‍্যে শিক্ষক-কৰ্মচাৰীবৃন্দ সমন্বিতে ডেৰ শতাধিক লোক উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় মহাবিদ‍্যালয় কৰ্মচাৰী গোটৰ সম্পাদক সদানন্দ ৰেগনে।

বিশেষ বাৰ্তা, মাজুলী, ১ জুলাই

You might also like