নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহ-হালধিৰ সুগন্ধি ম্লান নৌহওঁতেই চৰম সিদ্ধান্ত হিমাদ্ৰীৰ

কমলপুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। মাহ-হালধিৰ সুগন্ধি ম্লান নোহোৱাকৈ আ*ত্ম*হননৰ দৰে চৰম পথ বাছি ল’লে এগৰাকী নৱবিবাহিতা বোৱাৰীয়ে।

জানিব পৰা মতে, কমলপুৰ থানাৰ অন্তৰ্গত জালিমুৰা গাঁৱৰ হীৰক ডেকাৰ সৈতে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল হাজোৰ ওৰগাল গাঁৱৰ হিমাদ্ৰী দাস। অভিযোগ অনুসৰি, বিবাহৰ পিছৰে পৰা হিমাদ্ৰীৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলি আহিছিল।

পৰিয়ালৰ অভিযোগ, এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি হিমাদ্ৰী দাসে আ*ত্ম*হননৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়। স্বামী-স্ত্ৰীৰ শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় হিমাদ্ৰীৰ মৃতদেহ।

খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কমলপুৰ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

ডিজিটেল ডেস্ক, ১ জুলাই

You might also like