মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ প্ৰথম ছেমিফাইনেলত অষ্ট্ৰেলিয়াই মঙলবাৰে (৩০ জুন) ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। এইটো হৈছে মহিলা টি-২০ বিশ্বকাপৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ অষ্টমবাৰৰ বাবে ছেমিফাইনেলত অংশগ্ৰহণ। টুৰ্ণামেণ্টখনৰ ১০টা সংস্কৰণৰ ভিতৰত কেংগাৰু দলে ইতিমধ্যে ৬বাৰ বিশ্ব খিতাপ দখল কৰিছে।
টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই আৰম্ভণিৰ পৰাই ৱেষ্ট ইণ্ডিজৰ বেটিং লাইনআপত চাপ সৃষ্টি কৰে। ২০ অভাৰত ৭ উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে মাত্ৰ ১২৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়িকা তথা অপেনাৰ হেইলী মেথিউজে সৰ্বাধিক ৩০ ৰান কৰে। আনহাতে অষ্ট্ৰেলিয়াৰ হৈ ছফী মলিনিউক্স, এছলী গাৰ্ডনাৰ আৰু জৰ্জিয়া ৱেৰহেমে ২টাকৈ উইকেট দখল কৰে।
১২৬ ৰানৰ লক্ষ্য খেদি নামি অষ্ট্ৰেলিয়াই মাত্ৰ ১৩ অভাৰত ২ উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰি সহজ জয় সাব্যস্ত কৰে। উইকেটৰক্ষক বেটাৰ বেথ মুনীয়ে ৩৬টা বলত ৮টা চাৰি কোবাই অপৰাজিত ৬১ ৰানৰ অনবদ্য ইনিংছ খেলি দলটোক বিজয়ৰ দিশে আগুৱাই নিয়ে।
বেথ মুনীয়ে এছলী গাৰ্ডনাৰৰ সৈতে চতুৰ্থ উইকেটত মাত্ৰ ৩৬টা বলত অপৰাজিত ৬৩ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলি দলটোক অনায়াসে লক্ষ্যত উপনীত কৰায়। ৱেষ্ট ইণ্ডিজৰ হৈ অধিনায়িকা হেইলী মেথিউজ আৰু চিনেল হেনৰীয়ে এটাকৈ উইকেট লাভ কৰে।
ফাইনেললৈকে অষ্ট্ৰেলিয়াই এই টুৰ্ণামেণ্টত এখনো মেচত পৰাজয় স্বীকাৰ কৰা নাই। গ্ৰুপ পৰ্যায়ৰ পাঁচোখন মেচতে জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰা দলটোৱে এতিয়া ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।
গ্ৰুপ পৰ্যায়ত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক ৬৫ ৰানত, বাংলাদেশক ৯ উইকেটত, নেদাৰলেণ্ডছক ৯৮ ৰানত, পাকিস্তানক ১১৩ ৰানত আৰু অন্তিম গ্ৰুপ মেচত ভাৰতক ৬ উইকেটত পৰাস্ত কৰিছিল। এতিয়া ফাইনেলত সপ্তমবাৰৰ বাবে বিশ্ব খিতাপ জয়ৰ লক্ষ্য লৈ নামিব কেংগাৰু বাহিনী।
ডিজিটেল ডেস্ক, ১ জুলাই