এতিয়া বাৰিষাৰ বতৰ। কৃষিজীৱী অসমীয়া গ্ৰাম্য সমাজত এতিয়া ভীষণ ব্যস্ততা। মৌচুমীৰ আগমনত পথাৰ পানীৰে ভৰি পৰাৰ পাছত এতিয়া আৰম্ভ হৈছে ভূঁই বা কঠীয়া ৰোৱাৰ পৰ্ব।
জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ধলাইবিল পাৰিছৰ অন্তৰ্গত মৰিসুঁতিৰ পথাৰত দেখা গ’ল গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন। অঞ্চলটোৰ বিশাল পথাৰত ১২খনকৈ গাঁৱৰ ৩০০ৰো অধিক মহিলাই সমূহীয়াভাৱে এনেদৰেই ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে জাক জাক মহিলা। তেওঁলোকক সহায় কৰি দিছে একাংশ পুৰুষে। আনন্দ মনেৰে ৰুই গৈছে ভূঁই।
জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এই পথাৰত আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমূহীয়াভাৱে বছৰ বছৰ ধৰি ৰুই আহিছে ভূঁই। যিটো সময়ত সমাজৰ পৰা সমূহীয়া কাম-কাজ তথা সামূহিক প্ৰথা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিলে, সেই সময়তে যোৱা ৫০ বছৰৰো অধিক কাল ধৰি একতাৰ বান্ধোন শক্তিশালী কৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰেই সমূহীয়াভাৱে ভূঁই ৰুই অহা কাৰ্য ইতিবাচক হিচাপে বিবেচিত হৈছে৷