আজি ৩ জুলাই, আহাৰ মাহৰ ১৮ তাৰিখ
শুকুৰবাৰ : তিথি– তৃতীয়, নক্ষত্র : শ্রাবণা, যাত্রা : নাই
মেষ : আজি ঘৰুৱা সমস্যা সমাধান হ’ব৷ মনৰ আশা পূৰণ হ’ব৷ আনৰ প্রতি দায়বদ্ধ হ’ব৷ তীর্থ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
বৃষ : আজি আনৰ পৰা প্রশংসা পাব৷ ভবা মতে কার্যসিদ্ধি হ’ব৷ আনৰ দুর্বলতাৰ সুযোগ গ্রহণ নকৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
মিথুন : আজি আপোনাৰ শত্রুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু ক্ষতি কৰিব নোৱাৰিব৷ আনৰ পৰা প্রশংসা পাব৷ দায়বদ্ধতা বৃদ্ধি হ’ব৷ বিদ্যাত সুনাম পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷
কর্কট : আজি ব্যৱসায়ত উন্নতি হ’ব৷ আপোনাৰ ঘৰলৈ আলহীৰ আগমন হ’ব৷ স্বাৱলম্বী মনোভাব হ’ব৷ দুঃসাহস নকৰিব৷ শুভ ৰং সেডজীয়া, শুভ সংখ্যা ২৷
সিংহ : আজি আপোনাৰ হতাশা ভাব আঁতৰিব৷ পৰীক্ষাত সুনাম লাভ কৰিব৷ বিবাহৰ সংযোগ হ’ব পাৰে৷ খৰচ বৃদ্ধি হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
কন্যা : আজি আনৰ সহযোগ পাব৷ ৰোগৰ পৰা সকাহ পাব৷ যান–বাহনৰ পৰা সাৱধান৷ খৰচ বৃদ্ধি হ’ব৷ শুভ ৰংবগা, শুভ সংখ্যা ৪৷
তুলা : আজি পিতৃ–মাতৃক অৱহেলা নকৰিব৷ প্রচুৰ জ্ঞান লাভ কৰিব৷ ৰোগ কমিব৷ অপর্যাপ্ত খৰচ হ’ব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷
বৃশ্চিক : আজি বিদ্যাত সুফল পাব৷ বিবাহৰ সংযোগ হ’ব পাৰে৷ মনৰ ভাৰসাম্য ৰক্ষা কৰি ৰাখিব৷ ধনৰ ক্ষতি হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
ধনু : আজি আনৰ অন্যায় নকৰিব৷ অতি মনোৰঞ্জনৰ ব্যৱস্থা নথকাই ভাল৷ গায়কৰ সুনাম হ’ব৷ ব্যয় বৃদ্ধি পাব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
মকৰ : আজি হঠাৎ জটিল চিন্তা মনলৈ আহিব পাৰে৷ দুর্ঘটনাৰ শংকা৷ খং কমাওক, মনত শান্তি বৃদ্ধি পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
কুম্ভ : আজি যিকোনো লোকক বিশ্বাসত নল’ব৷ ৰাগিয়াল দ্রব্যৰ পৰা ক্ষতি হ’ব পাৰে৷ আপোনাৰ উদাৰতা প্রদর্শন হ’ব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
মীন : আজি আনক প্রতিশ্রুতি নিদিব৷ যান–বাহনত যাত্রা কৰোঁতে কষ্ট হ’ব পাৰে৷ নীতি–নিয়ম মানি চলক৷ আৱেগ পৰিহাৰ কৰক৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷