নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত শোকাৱহ ঘটনা, পথাৰত ভূঁই ৰুই থাকোঁতে ৰোৱনীৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৩ জুলাই: তামুলপুৰৰ ঝাৰগাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কৃষিভূমিত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়।

নিহত মহিলাগৰাকী বৰলকুছি গাঁৱৰ মিনতি ব্ৰহ্ম (৪৮) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পুৱাৰ ভাগত নিজৰ ঘৰৰ পৰা নাতিদূৰৈত থকা কৃষিভূমিত আন কেইবাগৰাকী মহিলাৰ সৈতে ভূঁই ৰুই থকাৰ সময়তে হঠাতে বজ্ৰপাত হয়।

এই ঘটনাত মিনতি ব্ৰহ্মই ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আনহাতে, তেওঁৰ সৈতে থকা আন কেইবাগৰাকী ৰোৱনীৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও তেওঁলোক আতংকিত হৈ পৰে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

You might also like