নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ অখিলৰ বিস্ফোৰণ, সংকটত কংগ্ৰেছ

নগাঁও লোকসভা সমষ্টিৰ সম্ভাব্য উপ-নিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তেওঁ স্পষ্টকৈ কয় যে, এই মুহূৰ্তত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ কোনো ইচ্ছা ৰাইজৰ দলৰ নাই।

অখিল গগৈৰ মতে, “নগাঁও লোকসভাত কংগ্ৰেছক জিকাই একো লাভ নাই। জয়ী হোৱাৰ পিছত দুদিনমান কংগ্ৰেছত থাকি আকৌ বিজেপিলৈ গুচি যাব। জয়ী কৰাই দিলেও একো বিশেষ লাভ নহয়।”

তেওঁ লগতে কয় যে দিল্লীত গৈ জনসাধাৰণৰ স্বাৰ্থত দৃঢ়ভাৱে কথা ক’ব পৰা নেতৃত্বৰ অভাৱ আছে। “প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে দিল্লীত গৈ কি কৰিলে, সেয়া ৰাইজে দেখিছে,” বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ জানিবলৈ দিয়ে যে নগাঁও লোকসভা সমষ্টিক লৈ ৰাইজৰ দলৰ চূড়ান্ত সিদ্ধান্ত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হ’ব। দলৰ এটা অংশই অৱশ্যে সমষ্টিটোত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী প্ৰদান কৰাৰ পোষকতা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ সমান্তৰালভাৱে অখিল গগৈয়ে অসমৰ সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনায়। তেওঁৰ মতে, “অসমত আঞ্চলিক শক্তিসমূহ ভাগ-ভাগ হৈ থাকিলে লাভ নাই। এতিয়া সকলো আঞ্চলিক দল একেখন মঞ্চত আহি একত্ৰিত হ’ব লাগে।”

তেওঁ এই সম্ভাৱ্য মঞ্চত অসম গণ পৰিষদ (অগপ), BPF-কে ধৰি সকলো আঞ্চলিক দলক যোগদান কৰাৰ আহ্বান জনায়। লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো কেইবাবাৰ আহ্বান জনোৱা হৈছে যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা হোৱা নাই বুলি তেওঁ কয়।

অখিল গগৈয়ে আৰু কয়, “প্ৰয়োজন হ’লে মই নিজেই নিৰ্বাচন নেখেলোঁ। লুৰিণজ্যোতি গগৈক সভাপতিৰ দায়িত্ব দিওঁ, মই কেৱল এজন সাধাৰণ সদস্য হিচাপেই থাকিম। কিন্তু অসমৰ আঞ্চলিক শক্তিৰ ঐক্য এতিয়া সময়ৰ দাবী।”

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like