নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানচেষ্টাৰত আজি ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি–২০

ডিজিটেল ডেস্ক, ৪ জুলাই : ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি (৪ জুলাই) মানচেষ্টাৰত অনুষ্ঠিত হ’ব৷ শৃংখলাৰ প্রথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

মেচখনৰ পূর্বে ভাৰতীয় দলটোৰ চিন্তাৰ কাৰক হৈ পৰিছে বেটিং ব্যর্থতা৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দুখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ লগতে ইংলেণ্ডৰে খেলা প্রথমখন টি–২০ মেচত টীম ইণ্ডিয়াৰ কেইবাজনো বেটাৰে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ এই ব্যর্থতাই দলটোক বাৰুকৈয়ে চিন্তাত ৰাখিছে৷

ইপিনে, অ’পেনাৰ সঞ্জু ছেমছনৰ ধাৰাবাহিক ব্যর্থতাই গভীৰ চিন্তাত পেলাইছে দলীয় মেনেজমেণ্টক৷ ধাৰাবাহিক ব্যর্থতাৰ সন্মুখীন হোৱা সঞ্জুক আঁতৰাই যুৱ বিস্ফোৰক অ’পেনাৰ বৈভৱ সূর্যবংশী প্লেয়িং একাদশত অন্তর্ভুক্ত কৰিব লাগে বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে যদিও দলীয় মেনেজমেণ্টে ভাৰতীয় দলটোৰ মূল একাদশত বিশেষ সালসলনি কৰিব বিচৰা নাই৷ প্রথমখন মেচত ভাগ লোৱা দলটোৱেই আজিৰ মেচখনতো নমাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়াই৷

খেলৰ সময় : নিশা ৭ বজা৷

You might also like