নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ জুলাই : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জুলাই, আহাৰ মাহৰ ১৯ তাৰিখ
শনিবাৰ : তিথি– চতুর্থী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : আজি নিজৰ শক্তিক বিশ্বাসত লওক৷ অবাবত সময় নষ্ট হ’ব পাৰে৷ কাকো মিছা প্রতিশ্রুতি নিদিব৷ বিদ্যাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

বৃষ : আনৰ মন সহজে জয় কৰিব নোৱাৰিব৷ আনৰ কর্মত হস্তক্ষেপ নকৰিব৷ অহংকাৰ কমাওক৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৪৷

মিথুন : ৰক্তচাপ বৃদ্ধি পাব৷ খাদ্যত গুৰুত্ব দিয়ক৷ উপার্জন বৃদ্ধি পাব৷ আনক হিংসা নকৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷

কর্কট : আজি শত্রুক লৈ চিন্তা নাই৷ আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব৷ সহনশীল হওক৷ আয় বৃদ্ধি পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷

সিংহ : আজি আপোনাৰ সাহসৰ যোগেৰে উচ্চ পদ পাব৷ সকলোকে বিশ্বাসত নল’ব৷ আনৰ অন্যায় নকৰিব৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কন্যা : সামাজিক আৰু ধর্মীয় স্থিতি উন্নত হ’ব৷ বিবাহৰ যোগ৷ যান–বাহন লাভ কৰিব৷ অর্থ লাভৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

তুলা : আজি পৰচর্চা নকৰিব৷ আনৰ ওপৰত নির্ভৰশীল নহ’ব৷ কাকো ধন ধাৰলৈ নিদিব৷ দাম্পত্য জীৱনত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷

বৃশ্চিক : আজি যিকোনো দুর্যোগৰ পৰা ৰক্ষা পৰিব৷ অবাবত ধনৰ অপচয় হ’ব পাৰে৷ সততা, সৰলতা ৰক্ষা পৰিব৷ প্রেমত কষ্ট৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

ধনু : আজি আনক কোনো কথাত উপদেশ নিদিব৷ ভাষাৰ বহু পৰিৱর্তন হ’ব৷ আপোনাৰ ব্যক্তিত্ব প্রকাশ পাব৷ আৱেগ কমাওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মকৰ : আজি মূল্যৱান সম্পত্তি লাভৰ যোগ৷ দুর্ঘটনাৰ পৰা ৰক্ষা পাব৷ নিজৰ শক্তিৰে আনক জয় কৰিব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷

কুম্ভ : আজি হঠাৎ কোনো লোক আপোনাৰ বিৰুদ্ধে যাব পাৰে৷ যান–বাহনৰ পৰা সাৱধান হ’ব৷ শাৰীৰিক শক্তি বৃদ্ধি পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

মীন : আজি সকলোকে সন্তুষ্ট কৰিব নোৱাৰিব৷ আনৰ সকলো কথাত হয়ভৰ নিদিব৷ কোনো কথাত অহংকাৰ নকৰিব৷ আৱেগৰ বশৱর্তী হৈ কোনো কাম নকৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷

You might also like