নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুৰিআমে সলনি কৰিলে গোলকগঞ্জৰ মিজানুৰৰ জীৱন…

ডিজিটেল ডেস্ক, আগমনি, ৪ জুলাই : চাকৰিৰ অনিশ্চয়তা আৰু হতাশাক পিছ পেলাই কৃষিকেই জীৱনৰ নতুন পথ হিচাপে বাছি লৈ আজি স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে গোলকগঞ্জৰ লক্ষীমাৰী গাঁৱৰ উচ্চ শিক্ষিত যুৱক মিজানুৰ ৰহমান সৰকাৰে।

পূৰ্বে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত প্ৰায় ২৩-২৪ বছৰ ধৰি লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিল মিজানুৰ ৰহমান সৰকাৰ। কিন্তু দীৰ্ঘদিন কৰ্ম কৰাৰ পিছতো চাকৰি চৰকাৰীকৰণ নোহোৱাত হতাশ নহৈ তেওঁ কৃষিকেই জীৱনৰ নতুন দিশ হিচাপে গ্ৰহণ কৰে। দুবছৰ পূৰ্বে নিজৰ চাৰি বিঘা কৃষিভূমিত কলকাতাৰ পৰা থাইলেণ্ডৰ উন্নত মানৰ মধুৰিআমৰ ১,৩০০টা পুলি আনি ৰোপণ কৰে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ ফলত আজি তেওঁৰ বাগিচাত উৎপাদিত মধুৰিআমে বজাৰত ব্যাপক সমাদৰ লাভ কৰিছে।

বৰ্তমান প্ৰতিদিনে তেওঁ দুইৰ পৰা তিনি কুইণ্টেলকৈ মধুৰিআম বিক্ৰী কৰি আছে। ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, আগমনিৰ লগতে পশ্চিমবংগৰ বজাৰতো তেওঁৰ উৎপাদিত মধুৰিআমৰ বিশেষ চাহিদা আছে। প্ৰতি কিলোগ্ৰাম মধুৰিআমৰ বজাৰ মূল্য ৮০ টকাৰ পৰা ১০০ টকাৰ ভিতৰত। নিজে স্বাৱলম্বী হোৱাৰ লগতে মিজানুৰ ৰহমান সৰকাৰে নিজৰ খেতিত আঠৰ পৰা দহজন লোকক নিয়মীয়াকৈ কৰ্মসংস্থাপনো দিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে।

মিজানুৰ ৰহমান সৰকাৰে কয়, “চাকৰিৰ পিছে পিছে বছৰ বছৰ ধৰি দৌৰি সময় নষ্ট কৰাৰ সলনি আধুনিক কৃষিৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি। কৃষিত অসীম সম্ভাৱনা আছে, প্ৰয়োজন কেৱল ইচ্ছাশক্তি আৰু পৰিশ্ৰম।” এক উচ্চ শিক্ষিত ব্যক্তিৰ কৃষিভিত্তিক সফলতাৰ এই কাহিনীয়ে পুনৰ প্ৰমাণ কৰিলে যে মাটি আৰু পৰিশ্ৰম থাকিলে কৃষিয়েই হ’ব পাৰে সফলতাৰ সেউজীয়া বিপ্লৱ।

You might also like