নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাল্য বিবাহৰ বিৰুদ্ধে ধূপধৰাত আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক, দুধনৈ, ৬ জুলাই : ধূপধৰাত বাল্য বিবাহ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল দৰা। এই ঘটনাত আটক হয় দৰাৰ ভায়েক, কইনাৰ পিতৃসহ মুঠ পাঁচজন। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত বাল্য বিবাহৰ অভিযোগক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি, নাবালিকা এগৰাকীৰ সৈতে বিয়াৰ সকলো আনুষ্ঠানিকতা সম্পন্ন কৰি ক‌ইনাক লৈ দৰাৰ ঘৰলৈ উভতি গৈ থকা অৱস্থাত ধূপধৰা আৰক্ষীয়ে শাচিবড়ী পথৰ পৰা দৰাক আটক কৰে। দৰাৰ লগতে তেওঁৰ ভায়েক, কইনাৰ পিতৃ আৰু দৰাৰ আন দুজন সংগীকো আটক কৰা হয়।

আটক হোৱা লোকসকল হৈছে শ্বাইজ উদ্দিন (২৫), হানিফ আলী (৬১), তাইজুদ্দিন (২৭), মহিদুল ইছলাম (৩১) আৰু ছাহেদ আলী (৩৬)।

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বাল্য বিবাহৰ অভিযোগত ধূপধৰা আৰক্ষীয়ে লোককেইজনক আটক কৰি আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে বাল্য বিবাহৰ দৰে আইনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ অব্যাহত ৰাখিছে।

You might also like