বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী
- বকোৰ মৌমান চানমাৰীত অঘটন।
- বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী।
- আঘাতপ্ৰাপ্ত ফৰেষ্ট বেটেলিয়ানজন জয়ন্ত কলিতা।
- কুঁৱাত পৰা হাতীৰ পোৱালি এটাৰ উদ্বাৰ অভিযানত গৈছিল বন বিভাগ।
- তেনে সময়ত হাতী এটাই আক্ৰমণ কৰে বনকৰ্মীজনক।
- বুকু, ককাল আৰু ভৰিত গুৰুতৰ আঘাত জয়ন্ত কলিতাৰ।
- বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান।
- উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ।
- হাতীৰ জাক এটাৰ চিঞৰ শুনি স্থানীয় লোকে খৱৰ দিয়ে বন বিভাগক।
- বনকৰ্মীয়ে টৰ্চ জ্বলাই বিচৰণ কৰাৰ সময়ত আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।
- জয়ন্ত কলিতা বকোস্থিত শিংৰা বন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত।
- ঘৰ হাজোৰ ৰামদিয়াত।
ডিজিটেল ডেস্ক, ৬ জুলাই