নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ সপোন আধৰুৱা : আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় নেইমাৰৰ

ফিফা বিশ্বকাপ ২০২৬ত নৰৱেৰ হাতত ব্ৰাজিল ২-১ গ’লত পৰাস্ত হোৱাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে

৩৪ বছৰীয়া এই তাৰকাই ব্ৰাজিলৰ হৈ ১২৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ৮০টা গ’ল কৰি দেশখনৰ পুৰুষ দলৰ সৰ্বাধিক গ’লদাতা হিচাপে নিজৰ কেৰিয়াৰ সামৰে।

২০১০ চনত জ্যেষ্ঠ দলত অভিষেক ঘটোৱা নেইমাৰে চাৰিখন ফিফা বিশ্বকাপত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰিছিল। লগতে দুবাৰ অলিম্পিকত অংশগ্ৰহণ কৰি ২০১২ চনত ৰূপৰ পদক আৰু ২০১৬ চনত ব্ৰাজিলক ঐতিহাসিক সোণৰ পদক জয় কৰাইছিল।

২০২৬ বিশ্বকাপত নেইমাৰে দুয়োখন মেচতে বিকল্প খেলুৱৈ হিচাপে নামিছিল। গ্ৰুপ পৰ্যায়ত স্কটলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়াৰ্ধত খেলাৰ সুযোগ লাভ কৰাৰ পিছত নৰৱেৰ বিৰুদ্ধে ষ্টপেজ টাইমত পেনাল্টিৰে টুৰ্ণামেণ্টৰ একমাত্ৰ গ’লটো কৰিছিল।

নেইমাৰৰ সম্পূৰ্ণ নাম Neymar da Silva Santos Júnior। বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ আৰু জনপ্ৰিয় খেলুৱৈসকলৰ এজন। তেওঁৰ জন্ম হৈছিল ৫ ফেব্ৰুৱাৰী, ১৯৯২ চনত। জন্মস্থান হল ব্ৰাজিলৰ Mogi das Cruzes।

ফুটবলৰ পথাৰত তেওঁ ফৰৱাৰ্ড, উইংগাৰ আৰু আক্ৰমণাত্মক মিডফিল্ডাৰ হিচাপে পৰিচিত। অসাধাৰণ ড্ৰিবলিং, দ্ৰুত গতি, নিখুঁত ফ্ৰী-কিক আৰু পেনাল্টী, সৃষ্টিশীল পাছিং আৰু গ’ল কৰাৰ দক্ষতাৰ বাবে বিশেষ নেইমাৰ।

কেৰিয়াৰ তেওঁ Santos FC (২০০৯–২০১৩), FC Barcelona (২০১৩–২০১৭), Paris Saint-Germain F.C. (২০১৭–২০২৩), Al Hilal SFC (২০২৩–২০২৫) আৰু বৰ্তমানলৈ Santos FCৰে খেলি আছে।

উল্লেখযোগ্য সাফল্যৰ ভিতৰত Olympic Gamesত ব্ৰাজিলক প্ৰথমবাৰৰ বাবে সোণৰ পদক জয় কৰায়। UEFA Champions League ২০১৪–১৫ ছিজনত বাৰ্চেলোনাৰ হৈ জয়। La Liga, Ligue 1 আৰু বিভিন্ন ঘৰুৱা শীৰ্ষ খিতাপ জয়। ২০১৭ চনত বাৰ্চেলোনাৰ পৰা পিএছজিলৈ হোৱা স্থানান্তৰ বিশ্ব ফুটবল ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ট্ৰেন্সফাৰ আছিল।

কিন্তু দেশৰ হৈ চাৰিবাৰৰ বাবে বিশ্বকাপ খেলা নেইমাৰে অৱশেষত ফুটবল বিশ্বকাপ নিজিকাকৈয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰিলে। ওচৰ চাপিও বিশ্বকাপ জিকাৰ সপোন আধৰুৱা হৈ ৰল এই প্ৰজন্মৰ অন্যতম তাৰকা নেইমাৰ। আনহাতে ব্ৰাজিলেও যোৱা ২৪ বছৰত বিশ্বকাপ জিকাৰ সপোন পূৰাব পৰা নাই। অন্তিমবাৰৰ বাবে ২০০২ চনত বিশ্বকাপ জিকিছিল ব্ৰাজিলে। ২০২৬তো সেই আশা পূৰণৰ পৰা দূৰত্বতে থাকিল ব্ৰাজিল। অহা বিশ্বকাপ ফুটবল বিশ্বকাপৰ শতবৰ্ষীয় বিশ্বকাপ। অৰ্থাত ২০৩০ বিশ্বকাপত সেই আশা পূৰণ হবনে ব্ৰাজিলৰ!!!

ডিজিটেল ডেস্ক, ৬ জুলাই

You might also like