ইংলেণ্ডক হৰুৱাই টি-২০ বিশ্বকাপ দখল অষ্ট্ৰেলিয়াৰ
বলাৰৰ অনবদ্য প্ৰদৰ্শন আৰু বেথ মুনীৰ দৰ্শনীয় অৰ্ধশতকৰ সৌজন্যত অষ্ট্ৰেলিয়াই মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি সপ্তমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ মুকুট দখল কৰিছে।
টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৫০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্ৰ ১৭.১ অভাৰত ৩ উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰি সহজ জয় সাব্যস্ত কৰে।
ফাইনেলত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এইটো আছিল চতুৰ্থবাৰৰ মুখামুখি। আগৰ দৰেই এইবাৰো অষ্ট্ৰেলিয়াই নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখে। ইয়াৰ পূৰ্বে ২০১২, ২০১৪ আৰু ২০১৮ চনৰ ফাইনেলতো ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জিকিছিল অষ্ট্ৰেলিয়াই। ফলত বিশ্বকাপ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড এতিয়া ৪-০।
১৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতে জৰ্জিয়া ৱলৰ (৯) উইকেট হেৰুৱায় অষ্ট্ৰেলিয়াই। তাৰ পিছত বেথ মুনী আৰু ফ’ইবে লিচফিল্ডে দ্বিতীয় উইকেটত ১০০ ৰানৰ অনবদ্য পাৰ্টনাৰশ্বিপ গঢ়ি দলক বিজয়ৰ দিশে আগুৱাই নিয়ে। মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত এইটো তৃতীয় সৰ্ববৃহৎ পাৰ্টনাৰশ্বিপ।
বেথ মুনীয়ে ৪৯টা বলত ১০টা চাৰি মাৰি ৬৪ ৰান সংগ্ৰহ কৰে। আনহাতে লিচফিল্ডে ৩৫টা বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৪৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। চলিত বিশ্বকাপত মুনীয়ে ৭খন মেচত ২৩৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰাহকৰ তালিকাত দ্বিতীয় স্থান দখল কৰে।
জয়ৰ একেবাৰে ওচৰত থাকোঁতে এলিছ পেৰীয়ে এক জীৱনদান লাভ কৰে। প্ৰথমে আউট ঘোষণা কৰা হৈছিল যদিও ৰিভিউত দেখা যায় যে কেচ লোৱাৰ পূৰ্বে বল মাটিত স্পৰ্শ কৰিছিল। ফলত সিদ্ধান্ত সলনি হয় আৰু পেৰী পুনৰ ক্ৰীজলৈ উভতি আহে। তেওঁ ১৩ ৰানত আৰু এছলে গাৰ্ডনাৰে ৩ ৰানত অপৰাজিত থাকে। ইংলেণ্ডৰ হৈ চাৰ্লি ডিন, লৰেন বেল আৰু ছফি এক্লেষ্টনে এটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৭০ ৰানৰ ভিতৰতে ৪টা উইকেট হেৰুৱাই চাপে পৰে। কিন্তু অধিনায়ক নেট ছিভাৰ-ব্ৰাণ্টে দম নেহেৰুৱাই ৫৩টা বলত ৫টা চাৰিৰে অপৰাজিত ৫৮ ৰান সংগ্ৰহ কৰে। ফ্ৰেয়া কেম্পেও ২৮টা বলত ৪টা চাৰি আৰু এটা ছয়ৰে অপৰাজিত ৪৪ ৰান কৰি পঞ্চম উইকেটত দুয়োৰে মাজত ৮০ ৰানৰ অবিচ্ছিন্ন পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।
ইংলেণ্ডৰ হৈ এলিছ কেপছীয়ে ২৩ ৰান কৰে। ডেনি ৱায়েটে ৮, এমি জ’ন্সে ৬ আৰু হিথাৰ নাইটে ২ ৰান কৰি আউট হয়। অষ্ট্ৰেলিয়াৰ হৈ কিম গাৰ্থ, লুচি হেমিল্টন, ছফি ম’লিনিউক্স আৰু এনাবেল ছাডাৰলেণ্ডে এটাকৈ উইকেট দখল কৰে।
ডিজিটেল ডেস্ক, ৬ জুলাই