নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাই পথাৰত আজি পুৱাৰ ভাগতে মালবাহী ট্ৰাক এখন পথৰ দাঁতিত লুটি খাই পৰে | মাকৈভৰ্তি ট্ৰাকখন নগৰবেৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় যদিও চালক, হেণ্ডিমেনে দুয়ো কথমপি কথমপি ৰক্ষা পৰে|
দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ-১৮ চি-৪৪৬১। নগৰবেৰাৰ পৰা ব্যৱসায়ীয়ে কিনি ৰখা মাকৈ বহিঃৰাজ্যলৈ কঢ়িয়াব গৈ দুৰ্ঘটনাত পতিত হয় বাহনখন আৰু বাহনত থকা মাকৈবোৰ অ’ত-ত’ত সিঁচৰিত হৈ পৰে | খবৰ পাই নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাসসহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় | জৰাজীৰ্ণ পকীপথৰ বিধ্বস্ত অৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ জুলাই :