নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জুলাইৰ পৰা ২ মাহলৈ বন্ধ পুৰণি শৰাইঘাট দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলং অহা ১৩ জুলাইৰ পৰা দুমাহলৈ সকলো ধৰণৰ যান-বাহনৰ চলাচলৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব। সেতুখনৰ জৰুৰী মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰাৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়। ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে, পুৰণি শৰাইঘাট দলঙত গুৰুতৰ গাঁথনিগত সমস্যা ধৰা পৰিছে, সেয়েহে তৎকালে মেৰামতিৰ প্ৰয়োজন।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত স্বপ্নীল পালে কয় যে সেতুখনৰ দীৰ্ঘম্যাদী সুৰক্ষা নিশ্চিত কৰিবলৈ এই মেৰামতি অতি প্ৰয়োজনীয়। এই সময়ছোৱাত কোনো ধৰণৰ যান-বাহনক পুৰণি দলঙেৰে চলাচল কৰিবলৈ দিয়া নহ’ব আৰু দুয়ো দিশৰ সকলো যান-বাহন নতুন শৰাইঘাট দলঙেৰে চলাচল কৰিব।

প্ৰশাসনে জনসাধাৰণক সম্ভাৱ্য যানজঁটৰ কথা মনত ৰাখি বিমানবন্দৰলৈ যোৱা, পৰীক্ষাত বহা বা অন্য জৰুৰী কামত ওলাই যোৱা লোকসকলক অতিৰিক্ত সময় হাতত লৈ আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

কামৰূপ মহানগৰ জিলাৰ আৰক্ষী অধীক্ষক (SSP) শুভাশীষ বৰুৱাই জনোৱা মতে, নামনি অসমৰ পৰা অহা গধুৰ যান-বাহন বাইহাটা চাৰিআলিত ৰখোৱা হ’ব, আনহাতে উজনি অসমলৈ যোৱা গধুৰ বাহন তেজপুৰ হৈ পঠিওৱা হ’ব। একেদৰে, উজনি অসমৰ পৰা নামনি অসমলৈ অহা গধুৰ বাহনসমূহ কলিয়াবৰ হৈ ডাইভাৰ্ট কৰা হ’ব।

নতুন শৰাইঘাট দলঙত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ বাবে ডিভাইডাৰ স্থাপন কৰা হ’ব আৰু কোনো পৰিস্থিতিতেই অ’ভাৰটেকিং কৰাৰ অনুমতি নাথাকিব। প্ৰয়োজন অনুসৰি সৰু যান-বাহনসমূহে কুমাৰ ভাস্কৰ বৰ্মন সেতু বিকল্প পথ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।

ইয়াৰ লগতে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা শৰাইঘাট দলঙলৈকে পথৰ কাষত পাৰ্কিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে।

ডিজিটেল ডেস্ক, ৮ জুলাই

You might also like