Don’t give up at half time. Concentrate on winning the second half.’– পল বিয়েৰ ব্রাইণ্টৰ এই কথাষাৰিৰ স্পষ্ট প্রতিফলন ঘটিল আর্জেণ্টিনা–ইজিপ্তৰ খেলখনত৷ প্রি–কোৱার্টাৰত ইজিপ্তৰ প্রচণ্ড আক্রমণত স্তিমিতপ্রায় মেছিৰ দলে দ্বিতীয়ার্ধত উজ্জীৱিত ক্রীড়াশৈলীৰে ওফৰাই দিলে আফ্রিকাৰ দলটোৰ প্রত্যাহ্বান৷
ৰোমেৰিঅ’ (৭৯ মিনিট), মেছি (৮৩ মিনিট) আৰু ফার্নাণ্ডেজ (৯+৩ মিঃ)ৰ তিনিটা গ’লেৰে তিষ্ঠি থাকিল ৰোমাঞ্চকৰ বিশ্বকাপত৷ মহম্মদ ছালাহৰ শক্তিৰে বলীয়ান দলটোৰ হৈ ৱাই ইব্রাহিম (১৫ মিঃ) আৰু এম জিকো (৬৭ মিঃ)ৰ গ’লত একপ্রকাৰ দিশহাৰা হৈ পৰিছিল লেটিন আমেৰিকাৰ ধ্বজাবাহী দলটো৷
ফুটবলৰ সর্বোচ্চ বিশ্বমঞ্চত অভিজ্ঞতা, দক্ষতা আৰু দৃঢ়তাৰ অপূর্ব সংমিশ্রণেৰে সর্বশেষত উজলি উঠিল আর্জেণ্টিনা৷ ফুটবলেই জীৱন, ফুটবলৰ অন্য নাম আৱেগ৷ ফুটবলৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল–ই কেৱল ফুটবল নহয়৷
ই হ’ল বিশ্বাস–অসম্ভৱক সম্ভৱ কৰাৰ, শ্রেষ্ঠত্ব উজাৰি দিয়াৰ, দক্ষতাক অনন্য উচ্চতালৈ নি চমক দেখুওৱাৰ৷ প্রতিপক্ষৰ আক্রমণক নেওচি লক্ষ্যত উপনীত হোৱাৰ অন্য নাম ফুটবল৷ কাৰণ ফুটবলেই জীৱন, জীৱন মানেই ফুটবল৷ দুভৰিৰ যাদুৰেই ফুটবল খেলা নহয়, ফুটবল খেলা হয় হূদয়েৰে৷
আৱেগ, ক্রীড়ানৈপুণ্য আৰু অসাধাৰণ মানসিকতাৰে খেলা ফুটবল মহাকুম্ভই সমগ্র বিশ্বক একত্রিত হোৱাৰ বিৰল সুযোগ প্রদান কৰে৷ উত্তৰ আমেৰিকাৰ তিনিখন দেশ আমেৰিকা যুক্তৰাষ্ট্র, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত এইবাৰৰ ফিফা বিশ্বকাপে ঐতিহাসিক মাত্রা লাভ কৰিছে৷
পোনপ্রথমবাৰৰ বাবে ৪৮টা দলে অংশগ্রহণ কৰা এই প্রতিযোগিতাত অভূতপূর্ব পৰিৱেশ বিৰাজ কৰিছে৷ পূর্বৰ ৩২টা দলৰ আর্হি সলাই খেলোৱা যুগান্তকাৰী সিদ্ধান্তই বিশ্ব ফুটবলৰ গণতান্ত্রিকীকৰণক ত্বৰান্বিত কৰিছে৷
এছিয়া, আফ্রিকা আৰু ওচেনিয়াৰ লেখীয়া অঞ্চলবোৰৰ পৰা পূর্বতকৈ অধিক দলে ফুটবলৰ সর্বোচ্চ মঞ্চত সর্বস্ব উজাৰি দিয়াৰ সুযোগ লাভ কৰিছে৷ ই নিঃসন্দেহে অনন্য প্রাপ্তি৷ তিনিখন আয়োজক ৰাষ্ট্রৰ ১৬খন চহৰত অনুষ্ঠিত খেলবোৰে ভিন ভিন ভাষা, সংস্কৃতি আৰু সমর্থকৰ মাজত অপূর্ব সমন্বয় গঢ়ি তুলিছে৷
এইটো ঠিক যে আধুনিক ফুটবল কেৱল শাৰীৰিক সক্ষমতা আৰু ব্যক্তিগত ক্রীড়ানৈপুণ্যৰ ওপৰত নির্ভৰশীল নহয়৷ বিজ্ঞানসন্মত ৰণকৌশল আৰু অত্যাধুনিক প্রযুক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ৷ ‘ভিডি’ এছিছটেণ্ট ৰেফাৰীঅ’ (ভিএআৰ) আৰু ‘ছেমি অটোমেটেড অফছাইড’ প্রযুক্তিয়ে খেলবোৰক পূর্বতকৈ অধিক নিকা আৰু বিতর্কমুক্ত কৰি তুলিছে৷
তদুপৰি এইবাৰৰ বিশ্বকাপত এই কথা প্রতিপন্ন হৈছে যে কোনো দলেই অপ্রতিৰোধ্য অথবা দুর্বল নহয়৷ পৰম্পৰাগত ফুটবলেৰে ইতিহাসত অম্লান স্বাক্ষৰ বহন কৰা শক্তিশালী দলবোৰে হেলাৰঙে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই বৰঞ্চ পদে পদে তীব্র প্রত্যাহ্বান আৰু প্রত্যাক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছে৷
সৰু সৰু দেশৰ উজ্জীৱিত ক্রীড়াশৈলীয়ে বিশ্ব ফুটবলত নতুন সমীকৰণ সৃষ্টি কৰিছে৷ তদুপৰি বিশ্বকাপৰ মূল পর্বত বর্তমানলৈ ভাৰতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও অসম তথা উত্তৰ–পূর্বাঞ্চলত ফুটবলপ্রেমীৰ গভীৰ অনুৰাগ আৰু আৱেগ তুলনাবিহীন৷
ফুটবলৰ এই মহাকুম্ভই নিঃসন্দেহে ৰাজ্যৰ যুৱ আৰু উদীয়মান ফুটবলাৰসকলক অনুপ্রাণিত কৰিব৷ সঠিক আন্তঃগাঁথনি তথা সুযোগ আৰু সাংগঠনিক দক্ষতাই অযুত সপোন বুকুত বান্ধি লৈ আগবঢ়া খেলুৱৈচামক নির্ধাৰিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷
ই নিশ্চয় দুৰাশা নহ’ব– কিউৰাচাও আৰু কেপ ভার্ডেৰ লেখীয়া ক্ষুদ্র ৰাষ্ট্রৰ উত্থানে আমাক বহু কথাই শিকাই গ’ল৷ ভাৰতৰ দৰে যুৱ জনসংখ্যাৰ আধিক্য থকা দেশখনে কিয় ফিফা বিশ্বকাপত খেলিব নোৱাৰে, সেই সাঁথৰৰ সমাধান অচিৰেই ওলাব বুলি খেলপ্রেমীসকল অপেক্ষাৰত৷
বর্ণবাদ আৰু সংকীর্ণ ৰাজনীতিৰ ঊর্ধ্বলৈ গৈ ক্রীড়াসুলভ মনোভাবৰ জয়গান গোৱা ফিফা বিশ্বকাপে সীমাৰ পৰিধি ভেদি ক্রীড়ানুৰাগীৰ হূদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ মেছি, ৰ’নাল্ডো, হলাণ্ড, এমবাপে, য়ামাল, ডেম্বেলে, ভিনিচিয়াছ জুনিয়ৰ, হেৰী কেন, বেলিংহাম, লুকাকু, মড্রিচ, ছালাহ আদিৰ দৰে ছুপাৰষ্টাৰসমৃদ্ধ ফিফা বিশ্বকাপে প্রকৃত অর্থত গোলকীয় ৰূপ ধাৰণ কৰি ভৌগোলিক পৰিধি নেওচি সাংস্কৃতিক বিনিময়ৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে৷