নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও উন্মুক্ত অসম–বাংলাদেশ সীমান্তৰ ৩৮.৯৫৯ কিঃমিঃ

শ্বহীদৰ ত্যাগৰ বিনিময়ত সম্পাদিত হোৱা অসম চুক্তিৰ প্রায় ৪১ বছৰ অতিক্রম হ’ল যদিও এতিয়াও উন্মুক্ত অসমৰ ভাৰত–বাংলাদেশ সীমান্ত৷ চুবুৰীয়া বাংলাদেশৰ পৰা অনুপ্রৱেশ ঘটা বিদেশীক প্রতিৰোধৰ লক্ষ্যৰে অসম চুক্তি অনুসৰি সীমান্ত সম্পূর্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত দুকুৰি বছৰ পাছতো একপ্রকাৰ নিৰর্থক৷

অসম বিধানসভাত এই ছবি পুনৰ স্পষ্ট হৈ পৰিল৷ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি মুঠ ৩৮.৯৫৯ কিলোমিটাৰ সীমান্ত অঞ্চল এতিয়াও উন্মুক্ত৷

অসম চুক্তি ৰূপায়ণৰ প্রসংগত অগপৰ বিধায়ক প্রকাশ দাসে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰ প্রদান কৰি মন্ত্রী অতুল বৰাই সদনক অৱগত কৰে যে অসমৰ ভাৰত–বাংলাদেশ সীমান্তৰ আয়তন ২৬৭.৫০ কিলোমিটাৰ৷

এই দীঘলীয়া সীমান্তই চুই আছে ৰাজ্যখনৰ কাছাৰ, শ্রীভূমি, ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাক৷ লক্ষণীয়ভাৱে এই চাৰিখন জিলাৰ সীমান্তক সামৰি মুঠ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা তথ্য অনুসৰি ধুবুৰী জিলাত সর্বাধিক ৩৪.৬০৯ কিলোমিটাৰ সীমান্ত এতিয়াও উন্মুক্ত৷ জিলাখনক স্পর্শ কৰি থকা ভাৰত–বাংলাদেশ সীমান্তৰ মুঠ ১৪১.৯০ কিলোমিটাৰৰ ১০৭.২৯১ কিলোমিটাৰ অংশত ফেঞ্চিং দিয়া হৈছে যদিও এতিয়াও উন্মুক্ত অৱস্থাত আছে ৩৪.৬০৯ কিলোমিটাৰ৷

এই অংশ নদী হোৱাৰ বাবেই এতিয়াও ফেঞ্চিঙৰ ব্যৱস্থা সম্ভৱ হোৱা নাই৷ সদনত অতুল বৰাই প্রকাশ কৰা অনুসৰি শ্রীভূমি জিলাক স্পর্শ কৰি থকা ৯৮.৩০ কিলোমিটাৰ সীমান্তৰ ৯৩.৯৫ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে যদিও এতিয়াও উন্মুক্ত হৈ আছে ৪.৩৫ কিলোমিটাৰ৷

জিলাখনৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় মানুহৰ বসতি থকা বাবে এই অংশ ব’ডাৰ গার্ড বাংলাদেশৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই৷ উন্মুক্ত হৈ থকা এই সীমান্তৰে অনুপ্রৱেশকাৰীৰ আগমনে সৃষ্টি কৰিব পৰা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্রীয় সীমান্তৰ বেৰহীন অংশসমূহ এক বিস্তৃত বহুস্তৰীয় সীমা ব্যৱস্থাপনাৰ জৰিয়তে সুৰক্ষিত কৰা হৈছে৷

মন্ত্রী অতুল বৰাই প্রকাশ কৰা অনুসৰি সীমান্ত সুৰক্ষা বাহিনীয়ে পর্যবেক্ষণ চকী (অ’পি), বিশেষ এম্বছ, নিয়মীয়া বাহন আৰু নাও টহল, পর্যবেক্ষণ টাৱাৰৰ পৰা ২৪ ঘণ্টাই দুর্বল অঞ্চলসমূহত নজৰ দি আছে৷

আনহাতে য’ত গতানুগতিক সীমান্তত বেৰ দিয়া সম্ভৱ নহয়, তেনে অঞ্চল বিশেষকৈ নদীৰ সীমান্ত অঞ্চলেৰে যাতে নদী পাৰ হৈ অনুপ্রৱেশ কৰিব নোৱাৰে, ইয়াৰ বাবে কনচাটির্না কইল, কাঁইটীয়া তাঁৰ আৰু অন্যান্য কাৰিকৰীগত পদ্ধতিৰে নদী অঞ্চলক প্রতিৰোধ কৰি তোলা হৈছে৷

এই ব্যৱস্থাসমূহৰ উপৰি চিচি টিভি কেমেৰা আৰু পেন–টিল্ট–জুম (পিটিজেড) কেমেৰাকে ধৰি উন্নত প্রযুক্তিগত ব্যৱস্থা গঢ়ি তোলা হৈছে৷ ইফালে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰা বুলি উল্লেখ কৰি মন্ত্রী অতুল বৰাই কয় যে অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠিত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ প্রতিবেদন কার্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷

প্রতিবেদনত দাখিল হোৱা মুঠ ৬৭টা পৰামর্শৰ ভিতৰত ৪০টা পৰামর্শ অসম চৰকাৰৰ আওতাত পৰা বাবে এই পদক্ষেপসমূহ ইতিধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত কার্যকৰী কৰাৰ বাবে আগুৱাই নিয়া হৈছে৷

প্রতিবেদনৰ আন ১২টা পৰামর্শ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অধীনত হোৱাৰ বিপৰীতে ১৫টা পৰামর্শ সম্পূর্ণৰূপে ভাৰত চৰকাৰৰ অধীনত৷ মন্ত্রী অতুল বৰাই ইয়াকো স্পষ্ট কৰে যে এই পৰামর্শসমূহ এনডিএ চৰকাৰৰ কার্যকালতে সম্পূর্ণৰূপে কার্যকৰী কৰা হ’ব৷

তদুুুপৰি ৬নং দফাৰ অধীনত এতিয়ালৈকে আন কেইবাটাও ব্যৱস্থা কার্যকৰী কৰা হৈছে৷ সেই অনুসৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ জৰিয়তে সংস্কৃতিৰ সম্প্রসাৰণ, জ্যোতি চিত্রবন ফিল্মছ ষ্টুডি’ ছ’চাইটীৰ আধুনিকীকৰণ, অসমৰ ৩৫৯ সত্রক আর্থিক সাহায্য প্রদান, ঐতিহাসিক কীর্তিচিহ্ণসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like