নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত পপী দাসৰ কাব্য সংকলন উন্মোচন

“মাজুলীৰ মানুহক বাছৰি বানে-জুৰুলা কৰিলেও ইয়াৰ মানুহৰ মনৰ সৃষ্টিশীলতা কেতিয়াও থমকি ৰোৱা নাই; এই কথাৰ প্ৰমাণ দিয়ে মাজুলীৰ কবি, লেখক, শিল্পীসকলৰ সৃষ্টিৰাজিয়ে।মাজুলীৰ প্ৰতিভাবান কবি পপী দাসৰ কাবিতাৰ মাজত এক চিৰসেউজ আবেদন আছে;তেওঁ চৰ্চা অব্যাহত ৰাখিলে অনাগত দিনত আমি পপীৰ পৰা অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰিব পৰা আৰু বহু কবিতা আমি লাভ কৰিম।”-এই মন্তব্য সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হোছেইনৰ।

গুৱাহাটীৰ পুৰুলিল প্ৰকাশনে প্ৰকাশ কৰা মাজুলীৰ উদীয়মান কবি পপী দাসৰ কাব্যসংকলন-“কবিতাৰ কৃষ্ণচূড়া” উন্মোচন কৰি আজি মাজুলীৰ আয়াং অকুমত উল্লিখিত মন্তব্য কৰে বিশিষ্ট কবি গৰাকীয়ে।

সত্ৰভূমি মাজুলীৰ গড়মূৰ চিতাদাৰচুকৰ লুইতৰ পাৰত এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত ‘আয়াং অকুম’ত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাখনত সঞ্চালনা কৰে মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকাই।

মাজুলীৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰঞ্জিৎ কুমাৰ ভূঞাই উদ্ধোধন কৰা এই গ্ৰন্থ উন্মোচনী সভাখনত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী,সাংবাদিক-লেখক ৰাজীৱ বৰুৱা,ৰজনীকান্ত বৰদলৈ,আৰু শিল্পী লেখক- আমিয় কুমাৰ চিৰাঙে।

উল্লেখ্য যে কবি পপী দাসৰ জন্মদিনৰ লগত সংগতি আজি এটি কবিতা পাঠৰ অনুষ্ঠানো আয়োজন কৰা হয় “আয়াং অকুম”ত। এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি জয়ন্ত হাজৰিকা,নয়নমণি দাস,মনোৰঞ্জন দাস,সদৌ অসম কবি সন্মিলন মাজুলী জিলাৰ সম্পাদক শ্যামন্ত পায়েং,লক্ষীপ্ৰসাদ ৰেগন,ধ্ৰুৱজ্যোতি বৰা,ৰাজু কলিতা,দীপাংকৰ জ্যোতি বৰা,অশ্চিনী কলিতা, ত্ৰিপুৰাজ দলে,কৃষ্ণা মেধি,পপী দাস,মল্লিকা বৰা, পম্পী হাজৰিকা,কেশৱ দলে,ৰেখা মুদৈ,পিংকুমণি হাজৰিকাকে আদিয়ে কবিতা পাঠ কৰাৰ লগতে কাব্যসংকলন খনৰ সন্দৰ্ভত বক্তব্য ৰাখে।

বিশেষ বাৰ্তা, ঢকুৱাখনা, ৯ জুলাই

You might also like