ঢকুৱাখনাত উৎখাত নাৰী দেহ ব্যৱসায়ৰ ঘাটি
নাৰী দেহ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ঢকুৱাখনা আৰক্ষীৰ। ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে তৎপৰ হৈ থকা ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈৰ নেতৃত্বত আজি এটা নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।
বৃহস্পতিবাৰে দুপৰীয়া এক গোপন খবৰৰ ভিত্তিত আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ঢকুৱাখনা নগৰৰ সমীপৱৰ্তী ভালুকাগুৰিত। অভিযান চলাই আৰক্ষীৰ দলটোৱে জোনালী গোহাঁই নামৰ এগৰাকী মহিলাৰ গৃহত দীৰ্ঘদিনৰ পৰা চলি থকা নাৰী দেহ দেহ ব্যৱসায়ৰ ঘাটিতো উৎখাত কৰিবলৈ সক্ষম হয়।
ভলুকাগুৰিৰ মহিলাগৰাকীৰ গৃহত দেহ ব্যৱসায় চলোৱাৰ তথ্য লাভ কৰিয়েই ঢকুৱাখনা আৰক্ষীৰ দলটোৱে দুপৰীয়া চলোৱা অভিযানৰ সময়ত অসংযত অৱস্থাত উদ্ধাৰ কৰি দুগৰাকী যুৱতী-মহিলাসহ দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে ম’বাইল ফোন আৰু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকল হ’ল- জোনালী গোহাঁই (৩২), কল্পনা বৰা (২৫), মণ্টেন নৰহ (২৭), মনোজ তাইদ (২৮)। ধৃত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে ঢকুৱাখনা আৰক্ষীয়ে।
জানিব পৰা মূল অভিযুক্ত জোনালী গোহাঁই নামৰ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ যুৱতী-মহিলাকসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দি নাৰী দেহ ব্যৱসায়ত জড়িত কৰাই আহিছিল। আৰু অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছিল।
অৱশ্যে আজি বিশেষ সূত্ৰৰ আধাৰত আৰক্ষীয়ে গৃহটোত অভিযান চলাই এই নাৰী দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।আনহাতে আৰক্ষীৰ এই কাৰ্যক স্থানীয় লোকে প্ৰংশসা কৰাৰ লগতে শলাগ লয়।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৯ জুলাই