নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আন্তঃৰাজ্যিক সীমা বিবাদ

অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত দীর্ঘদিন ধৰি চলি আছে তিক্ততাপূর্ণ আন্তঃৰাজ্যিক সীমা বিবাদ৷ ইয়াক লৈ সময়ে সময়ে সীমান্তত চলি থাকে অবাঞ্ছিত উত্তেজনা৷ আনকি, এই উত্তেজনাই যিদৰে সংশ্লিষ্ট অঞ্চলসমূহত অস্থিৰতা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰে, ঠিক তেনেদৰে বিধানসভাৰ মজিয়াকো উত্তাল কৰি তোলে৷ প্রতিবাৰেই বিধানসভাত এই সম্পৰ্কীয়  তথ্য দাঙি ধৰা হয়৷ দুদিনমান তাকে লৈ চর্চা হয়৷ তাৰ পিছত সকলো তাপ মাৰে৷ সংশ্লিষ্ট অঞ্চলসমূহত পিছে পৰিস্থিতি অপৰিৱর্তিত হৈয়ে থাকে৷

পূর্বৰ দৰেই এইবাৰো চলিত বিধানসভাৰ অধিৱেশনত এই বিষয়টোক লৈ চর্চা হয়৷ বিভাগীয় মন্ত্রীয়ে তথ্য দাঙি ধৰে৷ বিধানসভাত দাঙি ধৰা তথ্য মতে, চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ ভূখণ্ডৰ ৮২,৫৭১ হেক্টৰ ভূমি৷ চৰকাৰী তথ্য মতে, অৰুণাচল প্রদেশে শোণিতপুৰ জিলাৰ ১১০, বিশ্বনাথৰ ৪,৭৫৬, লখিমপুৰৰ ২,৪৩৫, ধেমাজিৰ ৯৯২, তিনিচুকীয়াৰ ৭,২৩৯, ডিব্রুগড়ৰ ১০ আৰু চৰাইদেউৰ ৬০২.০১১৭ হেক্টৰ ভূমিৰে মুঠ ১৬,১৪৪.০১১৭ হেক্টৰ ভূমি দখল কৰি ৰাখিছে৷ তেনেদৰে নাগালেণ্ডে যোৰহাটৰ ১৪,০৭৯.১৪, শিৱসাগৰৰ ৮,৮২৯, গোলাঘাটৰ ৩৬,২৯৮.০৭ আৰু চৰাইদেউৰ ২৮৮ হেক্টৰসহ মুঠ ৫৯,৪৯০.২১ হেক্টৰ ভূমি দখল কৰি ৰাখিছে৷ আনহাতে, মেঘালয়ে গোৱালপাৰাৰ ৩৩,৮১৫৬, কাছাৰৰ ৬০২.০১১৭, কামৰূপৰ ৮০২.৬৮২৬, দক্ষিণ শালমাৰা–মানকাচৰৰ ৩.৩৫০৫ আৰু কার্বি আংলঙৰ ২,০০০ হেক্টৰ ভূমিৰে মুঠ ৩,৪৪১.৮৬০ৰ হেক্টৰ ভূমিত দখল ৰাখিছে৷ ইফালে, মিজোৰামে হাইলাকান্দিৰ ১,০২৩.৫০, শ্রীভূমিৰ ৩৭৭.৫৮, কাছাৰৰ ২,২৭৪.৭০ হেক্টৰ ভূমিকে ধৰি মুঠ ৩,৬৭৫.৭৮ হেক্টৰ ভূমি দখল কৰি ৰাখিছে৷ এই চাৰিওখন ৰাজ্যই দখল কৰি ৰখা মুঠ মাটিৰ পৰিমাণ হৈছেগৈ ৮২,৭৫১.৮৬১৮ হেক্টৰ৷

এই পৰিমাণৰ ভূমিৰ সকলোখিনিয়েই নিশ্চয় পৰিত্যক্ত বা জনবসতিহীন নহয়৷ মুখ্যতঃ জনবসতি থকা অঞ্চলত ইয়াক লৈ বিবাদ হৈ থকাটো তেনেই স্বাভাৱিক৷ তদুপৰি, এতিয়াও চুবুৰীয়া ৰাজ্যই দখল কৰিবলৈ সক্ষম নোহোৱা বহু অঞ্চল দখল কৰিবলৈ বিভিন্ন প্রকাৰে চেষ্টা চলাই থকাৰো বাতৰি প্রায়ে সংবাদ মাধ্যমত ওলায়ে থাকে৷ চুবুৰীয়া ৰাজ্যৰ কেৱল সাধাৰণ নাগৰিকেই নহয়, চৰকাৰী বিভাগৰ তৰফৰ পৰাও অসমৰ মাটি বেদখলৰ প্রয়াস কৰাৰ বাতৰি পোৱা যায়৷ এইক্ষেত্রত হাত উজান দিয়ে উগ্রপন্থী সংগঠনসমূহেও৷ সীমামূৰীয়া লোকসকলে এইধৰণৰ সমস্যাৰ প্রায়ে সন্মুখীন হৈ থাকিবলগীয়া হয়৷ কটা–কটি, মৰা–মৰিৰ নিচিনা অবাঞ্ছিত, অপ্রীতিকৰ ঘটনাও সংঘটিত হয়৷ এই দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্রত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বৰ কার্যকালৰ প্রথমভাগতেই বিশেষ তৎপৰতা চলোৱা দেখা গৈছিল৷ বহু লোক আশ্বস্ত হৈছিল যে সীমা সমস্যাটোৰ এইবাৰ অন্ততঃ গত লাগিব৷

বিভাগীয় মন্ত্রীয়ে সদনক জানিবলৈ দিয়ামতে, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে দীর্ঘদিন ধৰি চলি থকা সীমা বিবাদ আৰু সংশ্লিষ্ট ৰাজ্যসমূহে বেদখল কৰি ৰখা ভূমি উদ্ধাৰৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা চলাই থকা প্রয়াস, আলাপ–আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে৷ আলোচনাৰ এই প্রক্রিয়াৰ অন্ত পৰিলে জৰীপৰ কামখিনি সম্পূর্ণ হ’লেহে সমস্যাটো সমাধান হ’ব বুলি আশা কৰিব পাৰি বুলিও তেওঁ মন্তব্য কৰে৷ ইতিমধ্যে দ্বি–পাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে চুবুৰীয়া বিবদমান ৰাজ্যসমূহৰ সৈতে সমস্যাটোৰ সমাধান কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰামর্শই কাৰকৰ ভূমিকা গ্রহণ কৰিছে৷ উদাহৰণস্বৰূপে অসম আৰু মেঘালয়ৰ মাজত সীমামূৰীয়া ১২টা বিবদমান এলেকাৰ ভিতৰত প্রথম পর্যায়ত ৬টা অঞ্চলৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে যোৱা ২০২২ চনৰ ২৯ মার্চত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ এয়া নিশ্চয়কৈ আশাব্যঞ্জক বতৰা৷

কিন্তু এই সমস্যাটো সমাধানৰ বাবে নিশ্চয় আৰু অধিক ক্ষিপ্র তৎপৰতাৰ প্রয়োজন আছে৷ কাৰণ, প্রায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিবদমান এলেকাসমূহত চলি থকা দুষ্কার্যসমূহ যথাসম্ভৱ শীঘ্রে ৰোধ কৰা উচিত৷ অৱশ্যে এইক্ষেত্রত জটিলতাও যে বহু আছে তাকো স্বীকাৰ কৰিবই লাগিব৷ কাৰণ, বৰ অসমৰ পৰা নতুনকৈ ৰাজ্য গঠন কৰাৰ সময়ত সেই সময়ৰ চৰকাৰে সাপ মাৰি নেজত বিষ এৰাৰ ফলত এই সমস্যাটোৱে সময়ে সময়ে উক দি আহিছে৷ সীমামূৰীয়া অঞ্চলসমূহত বিবাদৰ সৃষ্টি হোৱা আনকি তীব্র উত্তেজনাৰ মাজত নিৰীহ লোকৰ মৃত্যুপর্যন্ত হোৱাৰো খবৰ ওলাই থাকে৷ ফলত, জীয়াতু ভুগিবলগীয়া হৈছে সীমামূৰীয়া অঞ্চলৰ লোকসকলে৷ এইধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ য’তে সৃষ্টি হৈ নাথাকে, তাৰ বাবেই নিশ্চয় মুখ্যমন্ত্রীয়ে এই পদক্ষেপ লোৱা দেখা গৈছিল৷ কিন্তু তাৰ পিছতো সীমান্তত উত্তেজনা বা অপ্রীতিকৰ ঘটনা ঘটি থকাৰ খবৰ ওলায়েই আছে৷ এইবাৰ একেগৰাকী মুখ্যমন্ত্রীয়েই পুনৰ দায়িত্ব লাভ কৰাত এই ক্রণিক সমস্যাটোৰ সমাধানৰ বাট ওলাব বুলি বহুতেই আশা কৰিছে৷ এই সমস্যাটোৰ সমাধানৰ বাবে সংশ্লিষ্ট চুবুৰীয়া ৰাজ্যৰ সৈতে দ্বি–পাক্ষিক আৰু প্রয়োজন সাপেক্ষে কেন্দ্রীয় চৰকাৰকো মাজত ৰাখি ত্রি–পাক্ষিক আলাপ–আলোচনাৰ মাজেৰে চেষ্টা চলোৱা উচিত৷

তদুপৰি, বহুতো সীমামূৰীয়া অঞ্চলত অসম চৰকাৰৰ উন্নয়নমূলক কামে চুব পৰা নাই বুলিও প্রায়ে অভিযোগ উঠা দেখিবলৈ পোৱা যায়৷ কোনো ঠাইৰ লোকে এনে কাৰণতেই মুকলিকৈয়ে চুবুৰীয়া ৰাজ্যৰ সৈতে মিলি যোৱাৰ ইচ্ছা প্রকাশ কৰাৰ খবৰো পোৱা যায়৷ সেইবাবেই সীমান্ত উন্নয়ন মন্ত্রীগৰাকীয়ে বিশেষকৈ সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে আগভাগ লৈ তেনে অঞ্চসমূহত উন্নয়নমূলক কাম–কাজসমূহ আগবঢ়াই নি সাধাৰণ ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ ভাব জগাই তুলিবলৈ চেষ্টা কৰা উচিত৷ কেৱল দ্বি–পাক্ষিক চুক্তিৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিলেই ষোল্ল অনাই সুফল পোৱা যাব বুলি বুকুত হাত থৈ ক’ব নোৱাৰি৷ ৰাজ্যখনৰ উন্নয়ন আৰু সুস্থিৰতাৰ বাবে পিছে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে এই বিবাদসমূহ নিষ্পত্তি কৰি সৌহার্দ্যপূর্ণ বাতাৱৰণ সৃষ্টিৰে হাতত হাত ধৰি আগুৱাই যোৱাৰ পথ মুকলি কৰিবই লাগিব৷ তেহে সমগ্র অঞ্চলটোৰে উন্নয়ন আৰু সুস্থিৰতা সম্ভৱ হ’ব পাৰে৷

You might also like