নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুবিবাহ কৰিলেই যাব চাকৰিব! ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে বহুবিবাহৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কোনো চৰকাৰী কৰ্মচাৰী বহুবিবাহত জড়িত বুলি প্ৰমাণিত হ’লে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। একে সময়তে বহুবিবাহ কৰা ব্যক্তিসকলে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধাও লাভ কৰিব নোৱাৰিব।

তেওঁ কয়, “প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এনে নীতি গ্ৰহণ কৰিছে যে বহুবিবাহত জড়িত কোনো ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। লগতে, কোনো চৰকাৰী কৰ্মচাৰী বহুবিবাহত জড়িত বুলি ধৰা পৰিলে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। আনহাতে, অপৰাধমূলক গোচৰত দোষী সাব্যস্ত ব্যক্তিসকলেও চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব।”

ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট ভাষণত অসম সেৱা (শৃংখলা আৰু আপীল) বিধি, ১৯৬৪ সংশোধনৰ প্ৰস্তাৱ ঘোষণা কৰিছিল। সংশোধিত বিধিৰ জৰিয়তে একবিবাহ নীতি ভংগ কৰা চৰকাৰী কৰ্মচাৰীক আইনগতভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰা হ’ব।

বিত্তমন্ত্ৰীয়ে লগতে কয়, “সৎ শাসন আৰু দায়িত্বশীল নাগৰিকত্ব গঢ়ি তোলাৰ লক্ষ্যৰে যিকোনো ফৌজদাৰী আইনত দোষী সাব্যস্ত ব্যক্তিক চৰকাৰে অধিসূচিত কল্যাণমূলক আঁচনিৰ সুবিধাৰ বাবে অযোগ্য ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।”

উল্লেখযোগ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত অসম বিধানসভাই ‘অসম বহুবিবাহ নিষিদ্ধকৰণ বিধেয়ক, ২০২৫’ গৃহীত কৰিছিল। এই আইনৰ অধীনত প্ৰথম বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হৈছে। এই নতুন নীতিসমূহ সেই আইনক অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ দিশত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচনা কৰা হৈছে।

ডিজিটেল ডেস্ক, ১১ জুলাই

You might also like