ডিজিটেল ডেস্ক, ১৩ জুলাই : প্রাণৰ শিল্পী জুবিন গার্গক মৰণোত্তৰভাৱে অসম সাহিত্য সভাই প্রদান কৰিব ‘সংগীত সুধাকৰ’ অভিধা৷ দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ড০ মহেন্দ্র নাথ বৰা সোঁৱৰণী সভাকক্ষত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই৷
তেওঁ কয় যে জুবিন গার্গ অসমীয়া জাতিৰ এটা সত্তা৷ এই সত্তাটোক আমি সকলোৱে সন্মান কৰোঁ৷ সেইবাবেই শিল্পীগৰাকীক এই অভিধা প্রদানৰ সিদ্ধান্ত সাহিত্য সভাই গ্রহণ কৰিছে৷ অসম সাহিত্য সভাৰ পঞ্চৰত্ন–গুৱাহাটী অধিৱেশনৰ প্রতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্ত অনুসৰি পূর্বতে কার্যনির্বাহক অধিৱেশন আৰু কর্ণধাৰ সমিতিৰ সভাই দিয়া অনুমোদনৰ ভিত্তিত অহা ৩০ জুলাইত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই অভিধা প্রদান কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে৷ সেইদিনা বিয়লি ৪ বজাৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটীৰ সংগীতাচার্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই সন্মান সাহিত্য সভাই প্রদান কৰিব৷
জুবিন গার্গৰ জীৱন পৰিক্রমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভৱ–অনুভূতিক লৈ এখন ৰাষ্ট্রীয় আলোচনা–সত্রও আয়োজন কৰা হ’ব৷ উত্তৰ–পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নির্বাচিত গৱেষকসকলে পাঠ কৰা মানসম্পন্ন গৱেষণা–পত্রসমূহ গ্রন্থাকাৰে প্রকাশ কৰা হ’ব৷ অকল সেয়াই নহয়, জুবিন গার্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা আদি ভাষালৈ অনুবাদ কৰি প্রকাশৰ সিদ্ধান্তও সাহিত্য সভাই গ্রহণ কৰিছে৷ সেইদিনাৰ অনুষ্ঠানটোত শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, সহধর্মিণী গৰিমা শইকীয়া গার্গ আৰু ভগ্ণী ড০ পামী বৰঠাকুৰকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অনুষ্ঠানটোত কেইবাগৰাকীও ন–পুৰণি শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াত গীত–নৃত্য–নাটক আদি পৰিৱেশন কৰিব৷
উল্লেখ্য যে শিল্পীগৰাকীক অভিধা প্রদানৰ ক্ষেত্রত যোৱা ৭ জুলাইত অসম সাহিত্য সভাৰ উপ–সভাপতি আৰু প্রধান সম্পাদকৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে জোনালীস্থিত ষ্টুডিঅ’ত পত্নী গৰিমা শইকীয়া গার্গৰ লগত আলোচনাত মিলিত হৈ আন কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ সিদ্ধান্তৰ লগতে এই সন্দর্ভতো সিদ্ধান্ত লৈছিল৷