নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা বেংককৰ বাৰত ভয়াৱহ ঘটনা : ২৭জনৰ মৃত্যু, আহত বহুতো

ডিজিটেল ডেস্ক, ১৩ জুলাই : সোমবাৰে মাজনিশা থাইলেণ্ডৰ ৰাজধানী বেংককৰ এক পাবত (সুৰাৰ দোকান বা নৈশ ক্লাব) ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই কৰুণ দুৰ্ঘটনাত অতিকমেও ২৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত অৱস্থাত আন ৬৩জন লোকক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে। অগ্নিকাণ্ডৰ পিছত প্ৰাণ বচাবলৈ পাবখনৰ শৌচাগাৰত আশ্ৰয় লৈছিল অধিকাংশ মানুহে। তাৰ পৰাই উদ্ধাৰ কৰা হৈছে বেছিভাগ মৃতদেহ। এই কৰুণ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী অনুতিন চাৰ্নভিৰাকুলে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১:৫৭ বজাত উত্তৰ বেংককৰ ‘না লাট ফ্ৰাও’ নামৰ এখন পাবত এই দুৰ্ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ খবৰ পাই ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। ৩০ মিনিটৰ ভিতৰতে জুই নিয়ন্ত্ৰণলৈ অনা হয়। অৱশ্যে তেতিয়ালৈকে যি ক্ষতি হ’বলগীয়া আছিল হৈ গৈছিল। পাবখনৰ ভিতৰৰ পৰা ২৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি ৬৩জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে ২২জনৰ অৱস্থা অতি সংকটজনক। বেংককৰ গৱৰ্নৰ চাদচাৰ্ট চিটিপুন্টে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কয়- “জুই অতি সোনকালে চিলিংলৈকে বিয়পি পৰিছিল। ইমান ক্ষিপ্ৰতাৰে জুইকুৰাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে যে বেছিভাগ মানুহেই ওলাই অহাৰ সুযোগেই নাপালে। সমগ্ৰ অঞ্চলটো ধোঁৱাৰে ভৰি পৰিছিল। অধিকাংশ লোকৰে মৃত্যু হৈছে উশাহ বন্ধ হৈ।”

ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে পাবখন দাওদাওকৈ জ্বলি উঠিছে আৰু প্ৰাণ বচাবলৈ মানুহবোৰে তাৰ পৰা দৌৰি ওলাই আহিছে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে কয়- “পাবত থকা বেছিভাগ মানুহেই সময় মতে ওলাই আহিব নোৱাৰিলে। যাৰ বাবে ইমানখিনি মানুহৰ মৃত্যু হ’ল। ধোঁৱা আৰু জুইৰ পৰা বাচিবলৈ বেছিভাগেই ভৱনটোৰ পিছফালে থকা শৌচাগাৰত লুকাবলৈ চেষ্টা কৰিছিল আৰু তাতেই আমি সৰহসংখ্যক মৃতদেহ বিচাৰি পাইছোঁ।”

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পাবখনত দুটা জৰুৰীকালীন প্ৰস্থান পথ আছিল, যাৰ এটা পাকঘৰৰ কাষেৰে গৈছিল। এই প্ৰস্থান পথসমূহ পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত আছিল নে নাই, তাক পৰীক্ষা কৰি থকা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা পাবখনৰ চৰকাৰী অনুমতিও পৰীক্ষা কৰা হৈছে। প্ৰত্যক্ষদৰ্শী টেক্সিচালক এজনে কয় যে বাৰখনৰ দুৱাৰৰ পৰা ৰাস্তাৰ ফালে জুইৰ লেলিহান শিখা ওলাই আহিছিল। তেওঁ তাৰ পৰা অতিকমেও পাঁচজন লোকক ওলাই অহাত সহায় কৰে।

You might also like