নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বগৃহত উপস্থিত এভাৰেষ্ট বিজয়ী প্ৰথম অসমীয়া মহিলা লখিমপুৰৰ ৰূপামণি গড়

বিশেষ বাৰ্তা, লখিমপুৰ, ১৪ জুলাই : অসমৰ  মহিলা সমাজক পুনৰবাৰ গৰ্বিত কৰি হিমালয়ৰ সুউচ্চ শিখৰত আৰোহণ কৰিছিল লখিমপুৰৰ ৰূপামণি গড়ে। পদে পদে বিপদক নেওচি পৃথিৱীৰ উচ্চ শিখৰত ভৰি থৈ এভাৰেষ্ট বিজয়ী প্ৰথম অসমৰ মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰে তেওঁ।  এইগৰাকী এভাৰেষ্ট বিজয়ী যুৱতী লখিমপুৰৰ ৰূপামণি গড়ক লৈ আজি পাৰ ভগা আনন্দ-উলাহৰ সৃষ্টি হয়।

এভাৰেষ্ট বিজয়ৰ পাছত তেওঁ আজি প্রথমবাৰৰ বাবে গৃহ জিলা লখিমপুৰত উপস্থিত হয়। জিলাখনৰ বিভিন্ন স্থানত তেওঁক উষ্ম আদৰণি জনায় অসংখ্য লোকে। লখিমপুৰ জিলাৰ প্ৰৱেশ  পথৰ  পৰা তেওঁৰ ঘৰলৈকে বিভিন্ন স্থানত ৰখাই লৈ ৰাইজে আদৰণি জনায়। স্বগৃহৰ সমীপতো  আনুষ্ঠানিকভাৱে তেওঁক সম্বৰ্ধনা, অভিনন্দন জ্ঞাপন কৰে ৰাইজে। লখিমপুৰ, অসম নাইবা অসমৰ মহিলা সমাজক গৰ্বিত কৰা ৰূপামণিক সকলোৱে শুভেচ্ছাৰে ওপচাই পেলায়।

ৰাইজৰ শুভেচ্ছাৰ মাজতে ৰূপামণিয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়- পৃথিৱীৰ সুউচ্চ শিখৰত আৰোহণ কৰি ভাল লাগিছিল। এভাৰেষ্টৰ শিখৰত আৰোহণ কৰি তাৰ সৌন্দর্যত মই আপোন পাহৰা হৈ পৰিছিলোঁ। মনত যি ভাবি আছিলোঁ সকলো পাহৰি গ’লোঁ।এভাৰেষ্টৰ সৌন্দর্যত বিভোৰ হৈ পৰিছিলোঁ। তেওঁ কয়- মুঠ ১৩জন আছিল আমাৰ পৰ্বতাৰোহী দলটোত। তিনিজন আছিল সহায়কাৰী। মই পুৱাৰ ভাগত যিমান পাৰোঁ আগুৱাই যাবলৈ চেষ্টা কৰোঁ। কিয়নো দুপৰীয়া হলেই হিমবাহ গলে। তেতিয়া যাত্ৰা কষ্টকৰ হয়। মই এভাৰেষ্টৰ শিখৰত আৰোহণ কৰালৈকে জনা নাছিলোঁ, পাছতহে জানিলোঁ যে এভাৰেষ্টৰ শিখৰত ভৰি থোৱা ময়েই অসমৰ প্ৰথমগৰাকী মহিলা।

তেওঁ আৰু কয়- বহুত কঠিন আছিল সেই যাত্রা। তিনি বছৰৰ প্ৰস্তুতিৰ অন্তত পৃথিৱীৰ সুউচ্চ শিখৰলৈ যাত্রা আৰম্ভ কৰিছিলোঁ। মুঠ ৪২ দিনৰ মূৰত গৈ এভাৰেষ্টৰ শিখৰত উপনীত হৈছিলোঁ। বহু কঠিন আছিল সেই যাত্রা। যাত্রাকালত বহু সমস্যা হৈছিল, কিন্তু সকলোৰে আশীর্বাদ আৰু প্ৰেৰণাৰ বাবে তেনে সমস্যাবিলাক অতিক্রম কৰি লক্ষ্যস্থানত উপনীত হবলৈ সক্ষম হলোঁ। তেওঁ আনৰ বাবেও প্ৰেৰণা ভৰা মন্তব্য কৰি কয়- কিবা কৰিবলৈ থাকিলে বহু বাধা-বিঘিনি আহিবই। কিন্তু তাৰ বাবে ভয় নকৰিবা। সাহসেৰে আগুৱাই যাবা।

উল্লেখ্য যে ৰূপামণি গড় লখিমপুৰৰ এটা খেতিয়কৰ পৰিয়ালৰ সন্তান। লখিমপুৰ নগৰৰ কিছু নিলগৰ কদম অঞ্চলৰ ন গাঁও পথাৰ নিৱাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ  কন্যা ৰূপামণি গড়। কোনোমতে খেতিবাতি কৰি পৰিয়াল পোহপাল দিয়া জয় সিং গড়ৰ তিনিটা সন্তানৰ দ্বিতীয় সন্তান ৰূপামণি গড়। ৰূপামণি কৰ্মৰত হৈ আছিল ইন্ডো তিব্বত বেটেলিয়ন পুলিচত।২০২০ চনত তেওঁ আইটিবিপিত চাকৰি লাভ কৰে। বৰ্তমান অন্ধপ্ৰদেশত কৰ্মৰত ৰূপামণি। আইটিবিপিৰ তৰফৰ পৰা এভাৰেষ্ট জয়ৰ এক অভিযানৰ প্ৰস্তুতি কৰা হৈছিল। পৰ্বত আৰোহণকাৰী এই দলটোত অন্তৰ্ভুক্ত হয় ৰূপামণি। ৰূপামণিসহ পৰ্বত আৰোহণকাৰী দলটো নেপাল হৈ এভাৰেষ্ট অভিমুখে ৰাওনা হয়। অৱশেষত কষ্ট আৰু সাহসেৰে  গৈ  দলটো এভাৰেষ্টৰ শিখৰত আৰোহণ কৰে। দলটোৰ ভিতৰত প্ৰথম এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা ৰূপামণিয়ে প্ৰথম এভাৰেষ্ট বিজয়ী অসমীয়া মহিলা হিচাপেও খ্যাতি লাভ কৰে। এভাৰেষ্টৰ শিখৰত পতাকা জোকাৰি ৰাজ্যক গৰ্বিত কৰা ৰূপামণিয়ে অসমৰ মহিলা সমাজকো  গৰ্বিত কৰে।

এই সাহসিক সফল অভিযানে মহিলা, যুৱতী সকলোকে অনুপ্ৰাণিত কৰা ৰূপামণিক আজি কাষতে পাই লখিমপুৰীয়া ৰাইজে প্ৰাণঢালি শুভেচ্ছা, অভিনন্দন আৰু আশীর্বাদ জনাইছে। উল্লেখ্য যে এভাৰেষ্ট বিজয়ৰ পাছত কুৰি দিনমানৰ বাবে ঘৰলৈ অহা ৰূপামণিয়ে এইকেইদিন জিৰণি ল’ব। আত্মীয়-স্বজন, শুভাকাংক্ষী তথা ৰাইজৰ মৰম-চেনেহৰ মাজত ডুব গৈ থাকিব ৰূপামণি।

You might also like