ফ্ৰান্সৰ বিজয়ৰথ স্তব্ধ কৰি ফিফা বিশ্বকাপৰ ফাইনেলত স্পেইন
বিশ্বকাপৰ ছেমিফাইনেলত এক অনবদ্য প্ৰদৰ্শনেৰে ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে। ইউৰোপীয় চেম্পিয়ন দলটোৱে বল দখল, কৌশল আৰু শৃংখলাবদ্ধ দলীয় খেলৰ জৰিয়তে ফ্ৰান্সক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি বিশ্বক ফুটবলক পুনৰ নিজৰ শক্তিৰ পৰিচয় দিলে।
ছেমিফাইনেলখনত কিলিয়ান এমবাপে, ওছমান ডেম্বেলে আৰু মাইকেল অলিজেৰ দৰে তাৰকাৰে সমৃদ্ধ ফ্ৰান্সক স্পষ্ট ফেভাৰিট হিচাপে ধৰা হৈছিল। কিন্তু লুইছ ডে লা ফুৱেণ্টেৰ শিষ্যসকলে দেখুৱাই দিলে যে দলীয় সমন্বয় আৰু নিখুঁত পৰিকল্পনাৰ আগত ব্যক্তিগত প্ৰতিভাও বহু সময়ত ম্লান হৈ পৰে।
স্পেইনৰ হৈ মিকেল অয়াৰজাবালে পেনাল্টীৰে প্ৰথম গ’ল দিয়ে আৰু তাৰ পিছত পেদ্ৰো পৰ’ই এক দৃষ্টিনন্দন গ’ল কৰি ব্যৱধান দুগুণ কৰে। লক্ষ্যভেদী মাত্ৰ দুটা শ্বটেই দুটা গ’ল কৰি স্পেইনে জয় নিশ্চিত কৰে।
আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৩৭খন ধাৰাবাহিক অপৰাজিত মেচ খেলি ইটালীৰ বিশ্বৰেকৰ্ড স্পৰ্শ কৰিলে স্পেইনে। বিশ্বকাপৰ ইতিহাসত এটা ছিজনত ৬খন ক্লিনশ্বীট ৰখা প্ৰথম দল হ’ল স্পেইন। ফ্ৰান্সৰ বিৰুদ্ধে স্পেইনে মাত্ৰ ০.৩ xG (Expected Goals) সুযোগহে প্ৰতিপক্ষক দিবলৈ সক্ষম হৈছিল, যিটো বিশ্বকাপ ছেমিফাইনেলৰ ইতিহাসত অন্যতম সৰ্বনিম্ন। ১৭ বছৰীয়া লামিনে য়ামালে স্পেইনৰ হৈ এতিয়ালৈকে এখনো মেচ হাৰা নাই। বিশ্বকাপ আৰু ইউৰো মিলাই তেওঁ আৰম্ভণিৰ একাদশত খেলা ১২খন মেচৰ আটাইকেইখনতে স্পেইন জয়ী হৈছে।
বিশ্বকাপ অভিযানৰ আৰম্ভণিতে নৱাগত কেপ ভাৰ্দেৰ বিৰুদ্ধে ০-০ ড্ৰ খেলিছিল স্পেইনে। ৰাউণ্ড অৱ ১৬ত পৰ্তুগালক ৯১ মিনিটত আৰু কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক ৮৮ মিনিটত গ’ল কৰি পৰাস্ত কৰিছিল।
কিন্তু ছেমিফাইনেলত কোনো নাটকীয় শেষ মুহূৰ্তৰ প্ৰয়োজন নহ’ল। আৰম্ভণিৰে পৰাই খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনি ফ্ৰান্সক কোনো সুযোগ নিদিয়াকৈ জয় সাব্যস্ত কৰে স্পেইনে।
স্পেইনৰ মুখ্য প্ৰশিক্ষক লুইছ ডে লা ফুৱেণ্টেয়ে কয়, তেওঁৰ দলটোৱে ২০১০ চনৰ বিশ্বজয়ী স্পেইনৰ মানসিকতা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে। তেওঁ কয়, “এই ফাইনেলত উপনীত হোৱাৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম, ত্যাগ, প্ৰতিভা আৰু সদায় নিজকে উন্নত কৰাৰ মানসিকতা।” তেওঁ লগতে উল্লেখ কৰে যে খেলিব নোপোৱা ফুটবলাৰসকলেও মেচৰ পিছত অনুশীলন অব্যাহত ৰাখিছিল, যিয়ে দলটোৰ একতা আৰু দায়বদ্ধতাৰ পৰিচয় দিয়ে।
ফ্ৰান্সৰ প্ৰাক্তন ফুটবলাৰ গায়েল ক্লিচিয়ে কয়, “স্পেইন হয়তো ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ দল নহয়, কিন্তু এইদিনা তেওঁলোকেই সকলো দিশ নিয়ন্ত্ৰণ কৰিছিল।” বিশ্বকাপজয়ী পেট্ৰিক ভিয়েৰাৰ মতে, স্পেইনে কৌশলগতভাৱে ফ্ৰান্সক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছে।
২০২২ চনত স্পেইনৰ দায়িত্ব লোৱাৰ সময়ত লুইছ ডে লা ফুৱেণ্টেক বহুতে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু তেওঁৰ নেতৃত্বত স্পেইনে প্ৰথমে ২০২৩ নেচনছ লীগ, তাৰ পিছত ইউৰো ২০২৪ জয় কৰাৰ লগতে এতিয়া বিশ্বকাপৰ ফাইনেলতো স্থান নিশ্চিত কৰিছে।
ফাইনেলত স্পেইনৰ প্ৰতিপক্ষ হ’ব আৰ্জেণ্টিনা অথবা ইংলেণ্ড। যদি ইংলেণ্ড জয়ী হয়, তেন্তে দুবছৰ পূৰ্বৰ ইউৰো চেম্পিয়নশ্বিপৰ ফাইনেলৰ পুনৰাবৃত্তি দেখা যাব।
ডিজিটেল ডেস্ক, ১৫ জুলাই