নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাস্ত টীম ইণ্ডিয়া, ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা দখল ইংলেণ্ডৰ

লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত ভাৰত-ইংলেণ্ড তিনিখনীয়া এদিনীয়া ছিৰিজৰ নিৰ্ণায়ক তৃতীয়খন খেলত ইংলেণ্ডে ২৭ ৰানত জয়লাভ কৰি ২-১ ব্যৱধানত শৃংখলা নিজৰ দখললৈ নিয়ে।

টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেট হেৰুৱাই বিশাল ৩৮৭ ৰান সংগ্ৰহ কৰে।

ইংলেণ্ডৰ হৈ বেন ডাকেটে ১৪১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ সৈতে জেকব বেথেলে ৯১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। দুয়োৰে মাজত হোৱা শতাধিক ৰানৰ পাৰ্টনাৰশ্বিপৰ সহায়ত ইংলেণ্ডক শক্তিশালী ভেটি প্ৰদান কৰে। পিছত জো ৰুটে অপৰাজিত অৰ্ধশতকীয় ইনিংছ খেলি দলৰ স্ক’ৰ ৩৮৭লৈ আগুৱাই নিয়ে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই ২টা উইকেট দখল কৰে।

৩৮৮ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি নামি ভাৰতে শক্তিশালী আৰম্ভণি কৰে। অধিনায়ক শুভমন গিল আৰু ৰোহিত শৰ্মাই প্ৰথম উইকেটত শতাধিক ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে।

গিলে ৭৭ ৰান কৰাৰ পিছত আউট হয়। আনহাতে, ৰোহিতে দীৰ্ঘদিনৰ পিছত দুৰ্দান্ত শতকীয় ইনিংছ খেলি ১৩৮ ৰান সংগ্ৰহ কৰে। এই ইনিংছৰ জৰিয়তে তেওঁ নিজৰ ৩৪সংখ্যক এদিনীয়া শতক সম্পূৰ্ণ কৰে।

ৰোহিত আউট হোৱাৰ পিছত বিৰাট কোহলিয়ে ৭৪ ৰানৰ যুঁজাৰু ইনিংছ খেলিলেও দলক জয়ৰ দিশে লৈ যাব নোৱাৰিলে। শেষৰ ফালে ছেম কৰনে কোহলি, শ্ৰেয়াছ আয়াৰ আৰু ঈশান কিষাণৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ভাৰতৰ জয়ৰ আশা প্ৰায় শেষ কৰি দিয়ে।

নিৰ্ধাৰিত ৫০ অভাৰৰ অন্তত ভাৰতে ৭ উইকেট হেৰুৱাই ৩৬০ ৰান সংগ্ৰহ কৰে। ফলত ইংলেণ্ডে ২৭ ৰানত জয়লাভ কৰি ছিৰিজ ২-১ ব্যৱধানত নিজৰ নামত কৰে।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like