নগৰবেৰাৰ টুপামাৰীত জুৱা খেলৰ বিৰুদ্ধে যোৱানিশা আৰক্ষীৰ এক অতৰ্কিত অভিযান চলে |জুৱা খেলি থকা অৱস্থাত ৩নং টুপামাৰী গাঁৱৰ বাদশ্বা আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন জুৱাৰীক। লগতে কেবাজনেও পলায়ন কৰে |
বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নিৰ্দেশত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাই যৌথভাৱে এই অভিযান চলায় | আটক হোৱা জুৱাৰী চাৰিজন ক্ৰমে বাদশ্বা আলী, ছফিকুল ইছলাম, নাজিৰ হুছেইন আৰু নুৰ হুছেইন |
আৰক্ষীৰ উপস্থিতিৰ উমান পাই দলটিৰ কেবাজনো জুৱাৰীয়ে পলায়ন কৰা বুলিও জানিব পৰা গৈছে | জুৱাৰীকেইজনৰ পৰা আৰক্ষীয়ে কিছু নগদ ধন, মোবাইল হেণ্ডছেট আৰু বাইক জব্দ কৰে | আৰক্ষীৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে অঞ্চলবাসী ৰাইজে |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ জুলাই :